টিচিএছ গ্ৰাম্য আইটি কুইজৰ ৰাষ্ট্ৰীয় ফাইনেলত বিএছপি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ জয়লাভ 

646

টাটা কনসালটেন্সি চাৰ্ভিচেছ (টিচিএছ) আৰু কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিক্স, আইটি, বিটি তথা বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগে বেংগালুৰু প্ৰযুক্তি সন্মিলনৰ অংশ হিচাপে ২০২৩ৰ ৩০ নৱেম্বৰত অনুষ্ঠিত টিচিএছ গ্ৰাম্য তথ্যপ্ৰযুক্তি কুইজৰ ২৪সংখ্যক সংস্কৰণৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ফাইনেলত বিজয়ীসকলৰ নাম ঘোষণা কৰে। ফাইনেলত অৱতীৰ্ণ প্ৰতিযোগীসকলে টিচিএছৰ পৰাও বিশেষ স্কলাৰশ্বিপ(জলপানি) লাভ কৰে।

ফাইনেলত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বিভিন্ন বঁটাসমূহ প্ৰদান কৰে কৰ্ণাটক চৰকাৰৰ তথ্যপ্ৰযুক্তি, বিটি, পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফাইনেলত চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ছত্তীশগড়ৰ ভিলাইস্থিত বিএছপি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদিত প্ৰতাপ সিঙে, ইয়াৰ বিপৰীতে গোৱাৰ বিচোলিমস্থিত ড০ কে.বি. হেডগেৱাৰ বিদ্যামন্দিৰৰ ভিগনেশ নৌচোৱে দ্বিতীয় স্থানত থাকি ৰানাৰ-আপৰ সন্মান বুটলিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ বিজয়ী আৰু ৰানাৰ আপক টিচিএছে ক্ৰমে ১ লাখ আৰু ৫০ হাজাৰ টকাৰ শৈক্ষিক বৃত্তি প্ৰদান কৰিছে। ফাইনেলত অৱতীৰ্ণ প্ৰতিযোগীসকলে টিচিএছৰ পৰাও স্কলাৰশ্বিপ(জলপানি) লাভ কৰে।

২০০০ চনৰ পৰা কৰ্ণাটকৰ ইলেক্ট্ৰনিক্স, তথ্যপ্ৰযুক্তি, বিটি আৰু বিজ্ঞান-প্ৰযুক্তি বিভাগৰ সৈতে অংশীদাৰিত্বৰে টিচিএছে গ্ৰাম্য আইটি কুইজৰ আয়োজন কৰি আহিছে । এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ক্ষুদ্ৰ চহৰ আৰু জিলাসমূহত থকা শিক্ষাৰ্থীসকলৰ মাজত তথ্য প্ৰযুক্তি সজাগতা বৃদ্ধি কৰা, ২১ মিলিয়নৰো অধিক শিক্ষাৰ্থীৰ ওচৰলৈ কাষলৈ গৈ সবলীকৰণ কৰা। এই অনুষ্ঠান লিমকা বুক অৱ ৰেকৰ্ডছৰ দ্বাৰাও স্বীকৃত।