ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত থকা চোৰাং সৰবৰাহকাৰীৰ অবাধ চলাচলে মানকাচৰৰ কুকুৰমাৰা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো এটা সৰবৰাহকাৰী চক্ৰই সীমান্তৰে অবৈধভাৱে গৰু পাৰ কৰিবলৈ কৰা প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈ গৈ সীমান্ত সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। দেওবাৰে নিশা সংঘটিত এই গুলীচালনাৰ ঘটনাই এতিয়া সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
চৰকাৰী সূত্ৰই জনোৱা মতে, কুকুৰমাৰা সীমান্তৰে এদল সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু পাৰ কৰাৰ চেষ্টা চলাই থকা অৱস্থাত বি এছ এফৰ জোৱানে বাধা প্ৰদান কৰে। জোৱানসকলে সৰবৰাহকাৰীৰ দলটোক বাৰে বাৰে সকীয়নি দিয়াৰ পাছতো তেওঁলোকে পলাবলৈ চেষ্টা কৰাত বি এছ এফে গুলীচালনা কৰে। এই গুলীচালনাত এজন সৰবৰাহকাৰী ভৰিত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক কুকুৰমাৰা দ্বিতীয় খণ্ড গাঁৱৰ হিকমত আলীৰ পুত্ৰ চহৰ আলী (২৬) বুলি চিনাক্ত কৰা হৈছে।
অন্ধকাৰৰ সুযোগ লৈ দলটোৰ আন কেইবাজনো সদস্যই পলায়ন কৰিবলৈ সক্ষম হয়। গুলীবিদ্ধ চহৰ আলীক আৰক্ষী আৰু বি এছ এফে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে। এই ঘটনাৰ পাছতে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। পলায়ন কৰা সৰবৰাহকাৰীসকলৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে এক অভিযান আৰম্ভ কৰিছে।
উল্লেখ্য যে নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ তৰাং অংশৰে গৰু সৰবৰাহ ৰোধ কৰাটো নিৰাপত্তাৰক্ষীৰ বাবে এতিয়াও এক ডাঙৰ প্ৰত্যাহ্বান হৈয়ে আছে। বি এছ এফৰ তীব্ৰ তদাৰক সত্ত্বেও সৰবৰাহকাৰী চক্ৰটোৱে প্ৰায়ে এনেদৰে চোৰাং কাৰ্য চলাই আহিছে। বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
