সীমান্ত নিৰাপত্তা বাহিনী ( বি এছ এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত ২৫ আগষ্টৰ পৰা ২৭ আগষ্টলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হব বি এছ এফৰ আন্তঃ কমাণ্ড মহিলা ক্ৰীড়া সমাৰোহ। বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি সমাৰোহত জুদো, ৱেটলিফটিং, আৰ্মৰেষ্টলিং আৰু বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হব। আনহাতে সমাৰোহত মুঠ বি এছ এফৰ ১৪০ গৰাকী মহিলা খেলুৱৈয়ে ভাগ লব। য’ত কেবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈ আছে। ২৫ আগষ্টৰ দিনা পুৱা ৯ বজাত ক্ৰীড়া সমাৰোহখন আৰম্ভ হব ।
