প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ গামোচাখনক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়াৰ পাছত দেশত গামোচাখনৰ সম্প্ৰতি আদৰ বাঢ়িছে। আনকি সুদূৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অসম – অসমীয়াৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ গামোচাক পুনৰ এবাৰ শিৰ উচ্চ কৰি গামোচাৰ বিশ্বমুখী যাত্ৰাত নতুন মাত্ৰা প্ৰদান কৰিলে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) জিতেন্দ্ৰ প্ৰসাদে। উল্লেখ্য যে পূৱ মণ্ডলত এ ডি জি হিচাপে যোৱা জুন মাহত যোগদান কৰা তথা সেনাৰ জ্যেষ্ঠ মেজৰ জেনেৰেল পৰ্যায়ৰ বিষয়াজনে এক তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰলৈ গৈছিল।
প্ৰণিধান যোগ্য যে ভাৰত চৰকাৰে শেহতীয়াকৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সাগৰীয় উপকূলৰ পহৰা আৰু নিৰাপত্তাৰ দায়িত্বত নিয়োজিত উপকূল ৰক্ষী বাহিনীৰ যাতায়ত ব্যৱস্থাটোক উন্নত কৰাৰ উদ্দেশ্যৰে তাত বাট – পথ, দলং আদিৰ নিৰ্মাণৰ দায়িত্ব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ বি আৰ অ’ক অৰ্পণ কৰিছে। বি আৰ অ’ৰ ফালৰ পৰা পুষ্পক প্ৰকল্পৰ অধীনৰ ৪৬ বৰ্ডাৰ ৰোড টাস্ক ফৰ্ছ ( বি আৰ টি এফ ) ক তাত বাট – পথ, দলং নিৰ্মাণৰ কৰ্তৃত্ব প্ৰদান কৰিছে। আনহাতে তিনিদিনীয়া ভ্ৰমণকালত এ ডি জি জিতেন্দ্র প্ৰসাদ প্ৰসাদে ৪৬ বি আৰ টি এফৰ কমাণ্ডাৰ কৰ্ণেল অনুৰাগ তালৱাৰ নেতৃত্বত নিৰ্মাণ ক্ৰী থকা বাট পথ দলং আদিৰ বুজ লয়। আনহাতে ভ্ৰমণকালত এ ডি জি জিতেন্দ্ৰ প্ৰসাদে আন্দামান আৰু নিকোবৰ প্ৰশাসনৰ মুখ্য সচিব ডঃ চন্দ্ৰ ভূষণ কুমাৰ আৰু উপকূল ৰক্ষী বাহিনীৰ মহা পৰিদৰ্শক নিৰজ তিৱাৰীক সৌজন্যমূলক সাক্ষাৎ কৰে।
আনহাতে সাক্ষাৎ কালত জিতেন্দ্ৰ প্ৰসাদে আন্দামান আৰু নিকোবৰ প্ৰশাসনৰ দুই শীৰ্ষ বিষয়াক অসমীয়া গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে দুই শীৰ্ষ বিষয়াই সম্বৰ্ধনা গ্ৰহণ কৰি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ গামোচাৰ উচ্চ প্ৰশংসা কৰে। জানিব পৰা মতে এ ডি জি জিতেন্দ্ৰ প্ৰসাদে কিছু বছৰ পূৰ্বে অসমৰ ডুমডুমাস্থিত বি আৰ অৰ উদয়ক প্ৰকল্পত মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সমযতে গামোচাখনৰ মৰ্যাদাৰ বিষয়ে অৱগত হৈছিল। পৰৱৰ্তী সময়ত পদোন্নতিৰ সুত্ৰে বি আৰ অৰ দ্বিতীয় শীৰ্ষ পদাধিকাৰী হিচাপে পৰিচিত এ ডি জি পদ লাভ কৰাৰ পাছতো গামোচাখনৰ মৰ্যাদাৰ বিষয়ে পাহৰা নাছিল। যাৰ বাবে সুদূৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অতি ব্যস্ত চৰকাৰী কাৰ্যসূচীত যোৱাৰ আগতে তাত যাতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকলক গামচাৰে সম্বৰ্ধনা জনাব পাৰি তাৰ বাবে গুৱাহাটীৰ পৰা অসমৰ শিপিনীয়ে হাতে বোৱা কেবাখনো উচ্চ মানদণ্ডৰ গামোচা লৈ গৈছিল।
