১ কোটি ৩০ লাখ টকা ব্য়য় কৰি এমাহ পূৰ্বে মুকলি কৰিছিল শিলচৰ-কালাইন সংযোগী পথৰ হাৰাং নৈৰ ওপৰত থকা দলং । হঠাতেই ঘটিল অঘটন ।দলং ভাঙি নদীৰ বুকুত পৰিল দুখনকৈ ডাম্পাৰ । অৱশ্য়ে এই ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই ।অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত এই দলঙখন ভাঙি যোৱাত বিছিন্ন হৈ পৰিছে গুৱাহাটী আৰু কৰিমগঞ্জৰ মাজৰ যোগাযোগ ব্যৱস্থা । স্থানীয় ৰাইজে শীঘ্ৰে এই দলঙখনৰ মেৰামতি কৰি যোগাযোগ সুচল কৰিবলৈ দাবী জনাইছে ।
