আঁঠুৰ বিষৰ চিকিৎসাত যুগান্তকাৰী পদক্ষেপ : ডাঃ সুজয় ভট্টাচাৰ্যই সৰ্বোদয় চিকিৎসালয়ত আগবঢ়াইছে আধুনিক সমাধান 

400

আঁঠুৰ বিষত ভুগি থকা লোকৰ বাবে এক অত্যাধুনিক চিকিৎসাৰ জৰিয়তে পৰম্পৰাগত ধাৰণা বা চিকিত্সাক নতুন ৰূপ দিয়াৰ কথা সদৰি কৰিছে ফৰিদাবাদৰ ছেক্টৰ ৮ৰ সৰ্বোদয় হাস্পতালৰ অভিজ্ঞ বিশেষজ্ঞ ডাঃ সুজয় ভট্টাচাৰ্যই। আধুনিক জীৱনশৈলীৰ বাবে বৃদ্ধাৱস্থাৰ পূৰ্বে ৪০ বছৰ বয়সতো বহু লোক আঁঠুৰ বিষত আক্ৰান্ত হয় আৰু বৰ্তমান এই সমস্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। সেয়েহে বৰ্ধিত আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণৰ বাবে ডাঃ ভট্টাচাৰ্জীয়ে জোৰ দি কয় যে আঁঠু সলনিৰ বাবে অস্ত্ৰোপচাৰ কৰাটোৱে একমাত্ৰ উপায় নহয়। বৰঞ্চ ৰোগীক স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু বিষ উপশমৰ লক্ষ্যৰে উদ্ভাৱনীমূলক চিকিৎসাৰ এক ছিৰিজ আধুনিক চিকিত্সাই আনি দিছে। পেছাদাৰী নিৰ্দেশকৰ উপদেশ আৰু উপস্থিতিত গাঁঠিৰ পেশী শক্তিশালী কৰা আৰু গতিশীলতা বৃদ্ধিৰ ক্ষেত্ৰত শেহতীয়া অগ্ৰগতিত গুৰুত্ব আৰোপ কৰি ডাঃ ভট্টাচাৰ্জীয়ে কয় যে ফিজিঅ’থেৰাপীয়ে এক গুৰুত্বপূৰ্ণ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে সকলোৱে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

তেওঁ লগতে প্লেটলেট-ৰিচ প্লাজমা (পিআৰপি) থেৰাপিৰ কথা উল্লেখ কৰিছে, য’ত ইনফ্লেমেচন(প্ৰদাহ) অবিহনে কাৰ্টিলেজ আৰু পেশী মেৰামতি কৰাৰ সামৰ্থৰ বাবে সকলোকে কাৰ্যকৰী হৈছে, যিয়ে আঁঠুৰ বিষৰ পৰা যথেষ্ট পৰিমাণে ৰোগীক সকাহ দিয়ে। তদুপৰি ডাঃ ভট্টাচাৰ্যই অটোলোগাছ কাৰ্টিলেজ ৰিপ্লেণ্টেচনৰ বাবেও ৰোগীক আহ্বান জনাইছে, যি হৈছে বিষ-মুক্ত(পেইন-ফ্ৰী) জইণ্ট মুভমেণ্ট(গাঁঠিৰ চলাচল)ৰ সুবিধাৰ বাবে ক্ষতিগ্ৰস্ত বা বাধাপ্ৰাপ্ত কাৰ্টিলেজ মেৰামতি বা চিকিত্সাৰ এক উন্নত অত্যাধুনিক প্ৰক্ৰিয়া। ডাঃ ভট্টাচাৰ্যই উল্লেখ কৰা আন এক কৌশল মোজাইকপ্লাষ্টিয়ে নিকেপ ৱেৰ(আঁ)ৰ ক্ষয়-ক্ষতিৰ পৰিমাণৰ ওপৰত বিবেচনা কৰি বাতবিষৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰতো যথেষ্ট কাৰ্যকৰী আৰু উপকাৰী পদক্ষেপ।

যদিও এই পদক্ষেপবোৰে আঁঠুৰ প্ৰাৰম্ভিক বিষ নোহোৱা কৰিব পাৰে, তথাপিও ডাঃ. ভট্টাচাৰ্যই আঁঠুৰ ব্যাপক ক্ষতি হোৱা বা গুৰুতৰ সমস্যাত আক্ৰান্তসকলৰ বাবে ৰবটিক গাঁঠি সলনি বা ৰিপ্লেচমেণ্টৰ কাৰ্যকাৰীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই উন্নত প্ৰক্ৰিয়াটোৱে দ্ৰুত পুনৰুদ্ধাৰ, সঠিক ইমপ্লাণ্ট স্থাপন আৰু অস্ত্ৰোপচাৰৰ পিছত ফিজিঅ’থেৰাপীৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাটো নিশ্চিত কৰে। “ৰবটিক জইণ্ট ৰিপ্লেচমেণ্টে আঁঠুৰ বিষ নিয়ন্ত্ৰণত এক দৃষ্টান্তমূলক পৰিৱৰ্তন আনিব পাৰে,” এইদৰে নিজৰ অভিমত ব্যক্ত কৰি ডাঃ ভট্টাচাৰ্যই দ্ৰুত আৰোগ্য, দীৰ্ঘজীৱন আৰু বৰ্ধিত সুৰক্ষাকে ধৰি নিজৰ লাভালাভবোৰৰ ওপৰত আলোকপাত কৰে।