ডুৰাণ্ড কাপ ফুটবল কোৱাৰ্টাৰত প্ৰৱেশৰ আশা বড়োলেণ্ড এফ চিৰ

193

চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ ৰাখিছে বড়োলেণ্ড এফ চিয়ে ৷ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ এখন মেচত দলে ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে বি এছ এফ ফুটবল দলক৷

মৰণপণ মেচখনৰ খেলৰ দুই মিনিটতে মিটিংগাৰ গলেৰে বিৰতিলৈ ১-০ গলত আগবাঢ়ি থাকে বড়োলেণ্ড এফ চি৷ কিন্তু দ্বিতীয়াৰ্ধত খেল অধিক উত্তেজনাপূৰ্ণ হয়৷ উভয় দলে ছটা গল কৰে যদিও হাইভল্টেজ মেচত জয় হয় বড়োলেণ্ড এফ চি৷ দলৰ হৈ ঝংবলাই ৫৪ আৰু ৭১ মিনিটত দুটা গল কৰাৰ বিপৰীতে ছিৰ্বাই ৬২ মিনিটত এটা গল কৰে৷ আনহাতে, বি এফ এফৰ হৈ কিশোৰীয়ে ৫০ আৰু ৬৯ মিনিটত দুটা গল কৰাৰ বিপৰীতে আছিফে ৮৯ মিনিটত আনটো গল কৰে৷

ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপত খেলা দলটোৱে নিজৰ প্ৰথম মেচত আই এছ এলৰ ক্লাব নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে ২-০ গলত পৰাস্ত হোৱাৰ পাছত দ্বিতীয় মেচত জয়ৰে প্ৰত্যাৱৰ্তন কৰে৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷