সুস্বাস্থ্যৰ মূল চাবিকাঠি হৈছে সুষম খাদ্য আৰু এইবাৰৰ পুষ্টি মাহৰ “খাদ্যই আমাক একেলগে সংযোগ কৰে” বিষয়বস্তুৱে সংযোগ গঢ়ি তোলাত খাদ্যৰ ভূমিকাৰ ওপৰত আলোকপাত কৰিছে। আলমণ্ড, ফল-মূল, গোটা শস্যৰ দৰে পুষ্টিকৰ ডাঠ খাদ্যৰে দিনটো আৰম্ভ কৰিলে শক্তি আৰু কল্যাণ দুয়োটাৰে মোকাবিলা হয়। জিংক, মেগনেছিয়াম, আইৰণ, ভিটামিন ই-কে ধৰি ১৫টা প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কেলিফৰ্নিয়া আলমণ্ড হৈছে ৰাতিপুৱাৰ ইন্ধন যোগোৱাৰ আৰু সামগ্ৰিক স্বাস্থ্যক সমৰ্থন কৰাৰ এক সহজ উপায়। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ-নেচনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন (আইচিএমআৰ-এনআইএন)-এ ভাৰতীয়সকলৰ বাবে খাদ্য নিৰ্দেশনা প্ৰকাশ কৰে, য’ত আলমণ্ডক সুস্বাস্থ্যৰ বাবে দৈনিক আলমণ্ড খোৱাৰ উপদেশ দিয়ে।
প্ৰতিদিনে আলমণ্ড খালে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে, হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰিব পাৰে আৰু তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। ফিটনেছৰ প্ৰতি সচেতনতাৰ বাবে পৰিচিত বলীউডৰ অভিনেত্ৰী সোহা আলী খানে কয় যে, “মই মোৰ দিনটো কেলিফৰ্ণিয়াৰ আলমণ্ডৰ দৰে লঘু অথচ পুষ্টিকৰ খাদ্যৰে আৰম্ভ কৰাটো পছন্দ কৰোঁ, যিয়ে মোক ঘণ্টাৰ পিছত ঘণ্টা ধৰি শক্তিশালী আৰু সন্তুষ্ট কৰি ৰাখে। দিল্লীৰ মেক্স হেল্থকেয়াৰৰ ডায়েটেটিক্স বিভাগৰ আঞ্চলিক মুৰব্বী ৰিতিকা সমাদ্দাৰে ৰাষ্ট্ৰীয় পুষ্টি মাহ সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “ভিটামিন বি২, ভিটামিন ই, মেগনেছিয়াম আৰু ফছফৰাছ সমৃদ্ধ হোৱাৰ বাবে আলমণ্ডে আপোনাক গোটেই দিনটো উদ্যমী কৰি ৰখাত সহায় কৰে।”
পুষ্টি আৰু সুস্থতা পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়ে এই বিষয়ে কয় যে, “আলমণ্ডৰ সৈতে দিনটো আৰম্ভ কৰিলে কেৱল আপোনাক উদ্যমী কৰি ৰখাই নহয় বৰঞ্চ শৰীৰৰ দৈনন্দিন পুষ্টিৰ প্ৰয়োজনীয়তাও পূৰণ কৰাত সহায় কৰে।” আয়ুৰ্বেদ বিশেষজ্ঞ মধুমিতা কৃষ্ণনে নিজৰ মনোভাৱ প্ৰকাশ কৰি কয় যে, “ডায়েবেটিছৰ দৰে দীৰ্ঘদিনীয়া আৰু জীৱনশৈলী সম্পৰ্কীয় অৱস্থাৰ পৰা দুৰ্বলতা দূৰ কৰাত আলমণ্ডক ইয়াৰ চিকিৎসামূলক ভূমিকাৰ বাবেও সিদ্ধ অনুশীলনে স্বীকৃতি দিয়ে।” ৰাষ্ট্ৰীয় পুষ্টি মাহে এক স্মাৰক হিচাপে কাম কৰে যে প্ৰতিটো কামোৰেই গুৰুত্বপূৰ্ণ। এই বৰ্ষৰ সামগ্ৰিক কল্যাণত পুষ্টিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উপলব্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হওঁ আহক।
