পুনৰ এখন বিমানে লাভ কৰিছে বোমা তথা হাইজেকৰ ভাবুকি। কুৱেইটৰ পৰা দিল্লীলৈ আহি থকা ইণ্ডিগ’ৰ এখন বিমানত বোমাৰ ভাবুকি লাভ কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিমানখনত বোমা থকাৰ ভাবুকি পোৱাৰ লগে লগে আহমেদাবাদলৈ ডাইভাৰ্ট কৰি জৰুৰীকালীন অৱতৰণ (Emergency Landing) কৰোৱা হয়। লক্ষণীয়ভাৱে এই ভাবুকি এখন টিছু পেপাৰত লিখা এটা নোটৰ জৰিয়তে পোৱা গৈছিল। এই নোটত বিমানখন হাইজেক কৰি বোমাৰে উৰুৱাই দিয়া হ’ব বুলি ভাবুকি দিয়া হয়।
