বলীউডৰ প্ৰিয় দম্পতীৰ ভিতৰত কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ যুটী অন্যতম।

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত দুয়োবিবাহ পাশত আৱদ্ধ হয়।

বিবাহৰ দুবছৰ সম্পূৰ্ণ কৰাৰ পিছত দম্পতীয়ে অনুৰাগীক দিলে ভাল খবৰ । এই ভাল খবৰটো অনুৰাগীৰ সৈতে বিশেষ ধৰণেৰে শ্বেয়াৰ কৰিছে দম্পতীয়ে।

দুয়োজনে পিতৃ-মাতৃ হ’বলৈ গৈ আছে। কিয়াৰা আদৱানীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে বেবী মোজাৰ এখন ফটো।

কিয়াৰা আৰু সিদ্ধাৰ্থৰ এই খবৰটো অনুৰাগীসকলক আনন্দিত কৰি তুলিছে।