পথ দুৰ্ঘটনাত পতিত হৈছে বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী। গুৱাহাটী মহানগৰীৰ জু ৰোডত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে মাজ নিশা মহানগৰী গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল খনৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত বলীউডৰ বিখ্যাত অভিনেতা তথা অসমৰ জোঁৱাই আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱা আঘাতপ্ৰাপ্ত হয়।
