বলীউডৰ পৰা আহিছে সুখৰ খবৰ। অভিনেতা ৰাজকুমাৰ ৰাৱে ঘৰলৈ আদৰণি জনাইছে এটি কন্যা সন্তানক। পত্নী পাত্ৰলেখাই জন্ম দিছে কন্যা সন্তান। অভিনেতাগৰাকীয়ে এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।অভিনেতাগৰাকীয়ে এই বিশেষ খবৰটো তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে, আৰু তেওঁক অসংখ্য অভিনন্দন লাভ কৰিছে। উল্লেখযোগ্য যে ২০২৫ চনৰ ১৫ নৱেম্বৰতো ৰাজকুমাৰ ৰাও আৰু পত্ৰলেখাৰ বিবাহৰ চাৰি বছৰ সম্পূৰ্ণ হয়। এতিয়া এগৰাকী ছোৱালীৰ আগমনে অভিনেতাগৰাকীৰ আনন্দ দুগুণ কৰি তুলিছে।
