মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত ফটাশিল বজাৰত ২৯ জুলাইৰ দিনা বিয়লি এটা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। প্ৰায় ৪৫ বছৰ বয়সৰ নীলা জিনচ পেণ্ট লোকজনক তাত পাপু নামেৰে পৰিচিত আছিল যদিও এই পৰ্যন্ত তাৰ কোনো আত্মীয় – স্বজনক বিচাৰি পোৱা হোৱা নাই । জানিব পৰা মতে বিয়লি ৩.৩০ বজাত লোকজনক ফটাশিল বজাৰত মৃত অৱস্থাত প্ৰত্যক্ষ কৰি কোনো লোকে ভৰলুমুখ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ এটা দল আহি মৃতদেহটো উদ্ধাৰ কৰে । ৩০ জুলাইত মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ মৃতদেহটো প্ৰেৰণ কৰা হয় । আনহাতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো ৭২ ঘন্টাৰ চিনাক্তকৰণৰ বাবে মৰ্গত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
