আসন্ন বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক বতাহত তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ মাজতে এক ৰাষ্ট্ৰীয় সমীক্ষাই অসমৰ নিৰ্বাচনী সমীকৰণত সৃষ্টি কৰিছে এক নতুন জোৱাৰৰ। আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ হৃদস্পন্দন পৰীক্ষা কৰি ‘ইণ্ডিয়া টুডে-চি ভোটাৰ মুড অফ দ্য নেচন’ সমীক্ষাই যি ফলাফল দাঙি ধৰিছে, সি বিজেপি আৰু কংগ্ৰেছ- দুয়োটা শিবিৰৰে নিদ্ৰা হৰণ কৰিছে। এই সমীক্ষাৰ মতে, ৰাজ্যত আঞ্চলিক দলসমূহৰ অস্তিত্ব প্ৰায় ম্লান পৰাৰ বিপৰীতে মূল যুঁজখন এতিয়া দ্বি-মেৰু কেন্দ্ৰিক হৈ পৰিছে।
জানুৱাৰী মাহত চলোৱা এই সমীক্ষাৰ তথ্য অনুসৰি, যদি এতিয়াই নিৰ্বাচন হয় তেন্তে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৫০.২ শতাংশ ভোট লাভ কৰি পুনৰ ক্ষমতা দখল কৰাৰ দৌৰত শীৰ্ষত আছে। আনহাতে, ৪৪ শতাংশ ভোটেৰে কংগ্ৰেছ দল এক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে এতিয়াও ৰাজ্যৰ নিৰ্বাচনী যুঁজত টিকি আছে। মন কৰিবলগীয়া যে, এসময়ত ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অন্যান্য আঞ্চলিক দলসমূহৰ মুঠ ভোটৰ হাৰ মাত্ৰ ৫.৮ শতাংশলৈ হ্ৰাস পোৱা কাৰ্যই এক ডাঙৰ পৰিৱৰ্তনৰ ইংগিত দিছে।
ধৰ্মীয় মেৰুকৰণৰ ফালৰ পৰা চালে দেখা যায় যে বিজেপি মিত্ৰজোঁটে হিন্দু ভোটাৰৰ মাজত ৬৭.১ শতাংশ ভোটেৰে এক বিশাল আধিপত্য বৰ্তাই ৰাখিছে। বিপৰীতে মুছলমান ভোটাৰৰ মাজত কংগ্ৰেছৰ স্থিতি এতিয়াও অতি মজবুত। সমীক্ষাৰ মতে, ৭৮.৫ শতাংশ মুছলমান ভোটাৰে কংগ্ৰেছক সমৰ্থন কৰাৰ বিপৰীতে ১৮.৫ শতাংশ ভোট লাভ কৰিছে বিজেপিয়ে। অৱশ্যে অন্যান্য ধৰ্মীয় আৰু সামাজিক গোটসমূহৰ মাজত বিজেপি মিত্ৰজোঁটে ৫৭.৭ শতাংশ ভোটেৰে এক আৰামদায়ক অগ্ৰগতি লাভ কৰি আছে।
এই সমীক্ষাই স্পষ্ট কৰি দিছে যে অসমৰ ভোটাৰে এতিয়া সৰু দলসমূহক প্ৰত্যাখ্যান কৰি দুটা মূল ৰাষ্ট্ৰীয় শক্তিৰ পক্ষতে থিয় দিছে। যদিও বিজেপি মিত্ৰজোঁট মুঠ ভোটৰ হাৰত আগবাঢ়ি আছে, তথাপিও মুছলমান বসতিপূৰ্ণ এলেকাৰ সমষ্টিসমূহত কংগ্ৰেছে তীব্ৰ প্ৰত্যাহ্বান জনোৱাটো নিশ্চিত। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই সমীক্ষাই ৰাজ্যৰ ৰাজনৈতিক দলসমূহক নিজৰ কৌশল পুনৰ নিৰ্ধাৰণ কৰিবলৈ বাধ্য কৰিছে।
