আগন্তক বিধানসভা নির্বাচনত বি জে পিৰ পতন অনিবাৰ্যঃ গগৈ

36

জনিয়া সত্ৰৰ সমীপৱৰ্তী কৰাৰকুৰস্থিত বেঁকী ব্ৰীজৰ খহনীয়া ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক আখিল গগৈয়ে । উল্লেখযোগ্য যে, এইবাৰ বানপানীয়ে কৰাৰকুৰৰ বেঁকী নদীৰ ওপৰত স্থাপন হোৱা দলঙৰ অস্তিত্বৰ ওপৰত ভাবুকি নমাই আনিছে । নদীৰ পশ্চিম পাৰত প্ৰৱল খহনীয়াৰ ফলত অভয়াপুৰীৰ পৰা লেংটিছিঙা-বৰপেটা হৈ গুৱাহাটীৰ আমিনগাঁৱলৈ যোৱা ২ নং ৰাজ্যিক ঘাইপথৰ ওপৰত খহনীয়াই তীব্র ভাবুকিৰ সৃষ্টি কৰে ।

গগৈয়ে কয়, চৰকাৰে অতি সোনকালে দিনত হাজাৰ পথচাৰী যাতায়ত কৰা নামনি অসমৰ একমাত্ৰ বিকল্প ৰাজ্যিক ঘাইপথটোৰ সুৰক্ষা নিশ্চিত কৰিব লাগে । অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে বুলি তেওঁ তাতপৰ্যপূৰ্ণ মন্তব্য কৰে ।

সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত অখিল গগৈয়ে কয় যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দল ধৰাশয়ী হ’ব আৰু এই দলটো নিশ্চিহ্ন হৈ পৰিব । আজিৰ এই কাৰ্যসূচীত ক্ৰমে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, ৰাছেল হুছেইন, মনিৰুজ জামান,আশ্ৰাফুল হুছেইন, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি কাজী নাজিমুল হক, ছাত্ৰ মুক্তিৰ সহ সাধাৰণ সম্পাদক আল আমীন হকে অখিল গগৈৰ লগত সংগ দিয়ে ।