BJP নেত্ৰী জোনালী নাথ হত্যাকাণ্ডৰ শেহতীয়া খবৰ ৷ ক’ত আৰু কেনেদৰে হত্যা কৰা হৈছিল জোনালীক ? ১১ জুন তাৰিখে পৰিকল্পিত ভাৱে হত্যা কৰা BJP নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ খবৰ৷ প্ৰথমে ঘোচা তাৰ পিছত ডিঙি চেপি ধৰা হৈছিল জোনালীক আৰু শেষত এডাল কাঠৰ মাৰিৰে প্ৰচণ্ডযোৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰিছিল জোনালী নাথক। দুই হত্যাকাৰীক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মাত। স্থানীয় ৰাইজৰ দাবী ফাষ্টট্ৰেক আদালতত বিচাৰ হওঁক এই হত্যাকাণ্ডৰ আৰু দোষীক যাৱজ্জীৱন কাৰাদণ্ড নহ’লে ফাঁচি হওঁক।