২১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ বাবে প্ৰায় এবছৰৰ অপেক্ষা অন্ত পৰাৰ সম্ভাৱনা আছে।ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে জুলাই মাহৰ প্ৰথম সপ্তাহত উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, কৰ্ণাটককে ধৰি প্ৰায় এক ডজন ৰাজ্যত নতুন ৰাজ্যিক সভাপতি নিৰ্বাচন কৰাৰ পৰিকল্পনা কৰিছে দলটোৱে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় নিৰ্বাচন বিষয়া ড০ কে লক্ষ্মণে শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰা, কিৰেন ৰিজিজু আৰু সাংসদ ৰবি শংকৰ প্ৰসাদক ক্ৰমে উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়ে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে ৩৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কমেও ১৯ খন ৰাজ্যৰ সভাপতি নিৰ্বাচন কৰাটো বাধ্যতামূলক। এই পৰ্যন্ত ১৪খন ৰাজ্যত এই কাম কৰিবলৈ সক্ষম হৈছে দলটোৱে। দ্বিতীয়টো ডাঙৰ সমস্যা হ’ল ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে গঠন হ’বলগীয়া নিৰ্বাচনী মণ্ডল। এই ব’ৰ্ডৰ সদস্যসকল ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰিষদত অন্তৰ্ভুক্ত নেতা। এই পৰিষদসমূহত ইউ পি, গুজৰাট, মধ্যপ্ৰদেশ আৰু কৰ্ণাটকৰ দৰে ৰাজ্যৰ অংশ প্ৰায় ৫০ শতাংশ।
এনে পৰিস্থিতিত ৰাজ্যিক সংগঠনৰ নিৰ্বাচনৰ পিছত এই পৰিষদসমূহৰ কোটা পূৰণ নকৰাকৈ নিৰ্বাচন ব’ৰ্ড গঠন কৰিব নোৱাৰে। ইউ পিত লোকসভা নিৰ্বাচনত হোৱা পৰাজয়ৰ বাবে উত্তৰ প্ৰদেশ কেন্দ্ৰীয় নেতৃত্বৰ বাবে ডাঙৰ মূৰৰ কামোৰণি হৈ পৰিছে। এই ৰাজ্যত বৃহৎ পৰিৱৰ্তনৰ বাবে এক ধুমুহা আৰম্ভ হৈছে। সূত্ৰ অনুসৰি, নিৰ্বাচনত সিঁচৰতি হৈ থকা অ’বিচি ভোট বেংকটো ঘূৰাই অনাৰ উপায় বিচাৰি উলিয়াব লগা হৈছে কেন্দ্ৰীয় নেতৃত্বই। নতুন ৰাজ্যিক সভাপতিৰ সৈতে ৰাজ্যত এক বিস্তৃত ৰোডমেপ প্ৰস্তুত কৰিব।
