অসমৰ সৰ্বাংগীন উন্নয়নৰ যাত্ৰা ত্বৰান্বিত কৰি বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ৰাজ্যখনৰ সাফল্যৰ এক নতুন অধ্যায় ৰচনা কৰিছে। অটল বিহাৰী বাজপেয়ী ভৱনত অৱস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুৰঞ্জন দত্তই কয় যে ৰাজ্য চৰকাৰে সাধাৰণ জনতাৰ জীৱন, জীৱিকা আৰু মৰ্যাদাৰ সৈতে জড়িত প্ৰতিটো বিষয়তে নিষ্ঠা সহকাৰে কাম কৰি আহিছে আৰু দৰিদ্ৰতা নিৰাময় আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে বহু ফলপ্ৰসূ আঁচনি সফলতাৰে ৰূপায়ণ কৰিছে।তেওঁ কয় যে বিগত ৯ বছৰত অসমৰ আন্তঃগাঁথনিত ব্যাপক পৰিৱৰ্তন হৈছে। ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ এক নতুন দিশ দিছে। কেন্দ্ৰ আৰু ৰাজ্যত ডাবল ইঞ্জিন চৰকাৰৰ অধীনত ব্ৰহ্মপুত্ৰ নদীৰ তলৰ গহপুৰ-নুমলীগড় সুৰংগ, গুৱাহাটী ৰিং ৰোড প্ৰকল্প, পলাশবাৰী-শুৱালকুছি দলং, ধুবুৰী-ফুলবাৰী দলং, নাৰেঙ্গী-কুৰুৱা দলং, ধলা-সদিয়া দলং (ড° ভূপেন হাজৰিকা সেতু), কামাখ্যা কৰিডৰ, AIIMS আদি অভিলাষী প্ৰকল্প, জাগীৰোড অৰ্ধপৰিবাহী প্ৰকল্প, কাজিৰঙা উচ্চ কৰিডৰ, শিলচৰৰ প্ৰস্তাৱিত গ্ৰীণফিল্ড বিমানবন্দৰ, নুমলীগড়ত বাঁহ ইথানল উৎপাদনৰ বাবে জৈৱ শোধনাগাৰৰ অনুমোদন আৰু কাৰ্যকৰী কৰা হৈছে।
কংগ্ৰেছৰ দিনত অৱহেলিত অসম তথা উত্তৰ-পূর্বাঞ্চলে এতিয়া কোনো আন্দোলন নকৰাকৈ উন্নয়নৰ মূলসুঁতিত এক শক্তিশালী উপস্থিতি প্রতিষ্ঠা কৰা বুলিও তেওঁ কয়৷ ৰাজ্যৰ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে সামগ্ৰিক আন্তঃগাঁথনি উন্নয়ন আৰু জিলা পৰ্যায়ৰ অগ্ৰগতি ত্বৰান্বিত কৰাৰ বাবে নলবাৰী জিলাত ১৪০ কোটি টকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰা হয়। ইয়াৰ ভিতৰত অসম এথলেটিকছ সন্থাৰ উদ্যোগত স্থাপিত সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়, কনভেনচন চেণ্টাৰ, জিলা ষ্টেডিয়াম, ৰাজ্যৰ প্ৰথমখন এথলেটিকছ একাডেমী আদি। তেওঁ উল্লেখ কৰে যে এই প্ৰকল্পসমূহে প্ৰশাসনিক গাঁথনি শক্তিশালী কৰিব আৰু ক্ৰীড়া প্ৰতিভাৰ বাবে প্ৰতিষ্ঠানিক প্ৰশিক্ষণৰ সুযোগ প্ৰদান কৰিব। গুৱাহাটীত স্থাপিত ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰক উত্তৰ-পূৰ্বাঞ্চলৰ বাবে তথ্য প্ৰযুক্তিৰ প্ৰযুক্তিগত মেৰুদণ্ড হিচাপে আখ্যা দিয়া হৈছে। “ক্লাউড-ফাৰ্ষ্ট” পদ্ধতিৰ অধীনত এই কেন্দ্ৰই ই-গভৰ্নেন্স শক্তিশালী কৰিব আৰু স্বচ্ছ আৰু দ্ৰুত সেৱা প্ৰদান নিশ্চিত কৰিব। অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।
ইফালে বৃহস্পতিবাৰে মাজুলীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আন্তঃগাঁথনি আৰু জনকল্যাণমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন কৰি উন্নয়নৰ এক নতুন অধ্যায় উদ্বোধন কৰে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যোগীকৰণ অভিযানৰ অধীনত মাজুলী বিধান সভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১,৯৫২ গৰাকী মহিলাক ১০,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মাজুলী-যোৰহাট দলং (১,০১৯ কোটি টকা), ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ (৩৬ কোটি টকা) সংযোগী পথ, অসম মালা আঁচনিৰ অধীনত দুখন চাৰিলেনযুক্ত পকী দলং আৰু বালিচাপুৰী-বাংলামাৰাহ লিংক ৰোড (৬৯৫ কোটি টকা), আৰু মাজুলীৰ প্ৰশাসনিক ভৱন আৰু হোষ্টেল নিৰ্মাণকে ধৰি কেইবাটাও প্ৰকল্প উদ্বোধন কৰা হয়। ইয়াৰ উপৰিও মডেল ডিগ্ৰী কলেজ (৩৩ কোটি টকা), সংহত জিলা উপায়ুক্তৰ কাৰ্যালয় (২৫ কোটি টকা), জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় (৪.২ কোটি টকা), জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় (৩.৬ কোটি টকা), দক্ষিণপাট সত্ৰ সংগ্ৰহালয় (৩.৬ কোটি টকা), জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প (১.৩ কোটি টকা) আদিও উদ্বোধন কৰে। এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ২,২১৮ কোটি টকাৰ অধিক হ’ব বুলি অনুমান কৰা হৈছে। সুৰঞ্জন দত্তই কয় যে মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত গ্ৰহণ কৰা এই পদক্ষেপসমূহে মাজুলীৰ সামগ্ৰিক উন্নয়ন, সংযোগ, প্ৰশাসনিক শক্তিশালীকৰণক নতুন গতি প্ৰদান কৰিব, আৰু আৰ্থ-সামাজিক পৰিৱৰ্তনক শক্তিশালী কৰিব।
