সুৰা চুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী নেতা। বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিলাসীপাৰা জিলা সমিতিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ৰাকেশ নাগক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত নেতাগৰাকীৰ ওচৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰাও উদ্ধাৰ কৰা হৈছে। যুৱ মৰ্চাৰ নেতাগৰাকীৰ এই বিলাতী সুৰাখিনি পৰা উদ্ধাৰ হোৱাৰ পিছতে গোলাঘাট জিলাৰ এখন সুৰা বিপনীত ইতিপূৰ্বে হোৱা চুৰিকাণ্ডৰ সৈতে আৰক্ষীয়ে মিল বিচাৰি পাইছে বুলিও খবৰ পোহৰলৈ আহিছে।
