বীৰ লাচিত সেনা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, “লাচিত সেনাৰ কাৰ্য-কলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্য-কলাপক আমি গভীৰ উদ্বেগৰ সৈতে লক্ষ্য কৰি আছো।” আলফা(স্বাধীন)-ৰ দৰে বীৰ লাচিত সেনাকো হয়তো নিষিদ্ধ কৰিবলগা এটা দিন আহিব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
