আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ ব’হাগ বিহু। ব’হাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম মঙলবাৰে উৰুকা। বুধবাৰে মৰাণসকলে পালন কৰে গৰু বিহু। বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ মৰাণ জনগোষ্ঠীৰ মানুহ বিহু।মৰাণসকলে উপৰিপুৰুষীয়া দেও ধৰ্মৰ পৰম্পৰা অটুত ৰাখি এই উৎসৱ পালন কৰে। ইফালে গৰু বিহুৰ দিনটোত বিহুনাচৰ তালে তালে নাচি বাগি আনন্দত মতলীয়া হৈ পৰিছে গাঁওবাসী।
