আজি বহাগৰ প্রথমটো বুধবাৰ। ব’হাগৰ আৰম্ভণিতে অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলৰ পৰম্পৰাগত জাতীয় উৎসৱ বিচু উদযাপন কৰে। আজি অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলৰ দেউৰী বিহু অৰ্থাৎ ইবাঁকু বিচু। ই অসমৰ দেউৰী সম্প্ৰদায়ৰ বসন্ত উৎসৱ।ইবাঁকু বিচু ব’হাগৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ কৰি সাতদিনলৈ পালন কৰা হয়। দেউৰীসকলেও অসমৰ আন আন জনগোষ্ঠীৰ দৰেই বসন্ত ঋতুত বসন্ত উৎসব পালন কৰে। তেওঁলোকে পালন কৰা এই উৎসৱটোক ‘ইবাঁকু বিচু’ নামেৰে জনাজাত। সাতদিন ধৰি এই উৎসৱ উদযাপন কৰা হয়।
