বিহালীত বন্যহস্তীৰ তাণ্ডৱ । বিহালী সমষ্টিৰ ৰঙাগড়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত চেৰেলীয়া বঙালী গাৱত বন্যহস্তীৰ তাণ্ডৱ। পুৱা আছু বিশ্বাস নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি ক্ষতিগ্ৰস্ত কৰাৰ উপৰিও চাহ বাগানত প্ৰবেশ কৰি বাগিছাৰো যথেষ্ট ক্ষতিসাধন কৰে।
উল্লেখ্য যে এই হাতীটিৱে বিগত পষেক যোৰা গ্ৰাম্যাঞ্চলত প্ৰবেশ কৰি ৰাইজক হাৰাশাস্তি কৰি আহিছে। ৰাইজে হাতীটো বনাঞ্চললৈ খেদি পঠাবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ।
