ট্ৰেকত আধিপত্য বিগৰক মটৰস্পৰ্টছৰ, চিয়েট আইএছআৰএলৰ আহমেদাবাদ লেগত জয় নিশ্চিত

376

গুজৰাটৰ অৰ্থনৈতিক হাব ৰূপে পৰিচিত আহমেদাবাদত সফলতাৰে অনুষ্ঠিত হয় চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ দ্বিতীয়খন ৰেচ। বহুকেইজন বিশিষ্ট অতিথি, ৰাজনৈতিক নেতা আৰু ব্যৱসায়িক প্ৰতিনিধিৰ লগতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলে অংশগ্ৰহণ কৰি ৰোমাঞ্চকৰ ৰেচৰ শুভাৰম্ভণি কৰে। বিগৰক মটৰস্প’ৰ্টছ দলে ট্ৰেকত আধিপত্য বিস্তাৰ কৰি নিজৰ ব্যতিক্ৰমী দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছিল। বিগৰক মটৰস্প’ৰ্টছৰ প্ৰতিভাৱান খেলুৱৈ মেট মছে ৪৫০ চিচি আন্তঃৰাষ্ট্ৰীয় ৰেচত প্ৰথম স্থান দখল কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আহমেদাবাদৰ হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰে।

আনহাতে, ২৫০ চিচিৰ ইণ্টাৰনেচনেল ৰেচ বিগৰক মটৰস্প’ৰ্টৰ ৰিড টেইলৰে জয়লাভ কৰাৰ বিপৰীতে মোহিতেৰ ৰেচিঙৰ বেন প্ৰছিত হলগ্ৰেনে ২৫০ চিচি ইণ্ডিয়া এছিয়া মিক্স কেটেগৰীত অসাধাৰণ প্ৰদৰ্শন প্ৰদৰ্শন কৰি জয়লাভ কৰিবলৈ সক্ষম হয়। আহমেদাবাদৰ চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)ৰ কম্বাইণ্ড ৰেচ(সংযুক্ত প্ৰতিযোগিতা)ত বিগৰক মটৰস্পৰ্ট দলে শেষ হাঁহি মাৰিলে। চমত্কাৰ প্ৰদৰ্শন চাবলৈ ১০,০০০তকৈও অধিক অনুৰাগীৰ অংশগ্ৰহণেৰে জীপাল হৈ পৰিছিল, যাৰ পৰিমাণ স্বৰূপে নিৰ্ধাৰিত আসনৰ ৫০০ অধিক দৰ্শকৰ উপস্থিতি দেখিবলৈ পোৱা গৈছিল।

ৰেচৰ  উদ্বোধনী ভাষণ প্ৰদান কৰি গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলে কয় যে, “এই অনুষ্ঠানটোৱে সকলোৰে অনুভূতিক প্ৰজ্বলিত কৰি তোলাৰ লগতে চেম্পিয়ন হ’বলৈ অনুপ্ৰাণিত আৰু মটৰস্পৰ্টত গুজৰাটৰ বিশ্বব্যাপী স্থিতিক অন্য এক মাত্ৰা প্ৰদান কৰিলে। আমাৰ সমৃদ্ধ ক্ৰীড়া লিগেচী আৰু সমৰ্পিত ক্ৰীড়া নীতিৰ সৈতে আমি প্ৰতিভাক প্ৰতিপালন আৰু সকলো স্তৰত ক্ৰীড়াৰ প্ৰচাৰ-প্ৰসাৰ কৰাৰ লক্ষ্য ৰাখিছোঁ।”