এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ কেইজনমান শ্ৰমিকে কয়লা জ্বলাইছিল। কিন্তু তাৰ পাছতে তেওঁলোকৰ মৃত্যু হয়। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰা পাংকি থানা এলেকাৰ ডি-৫৮,চাইট নম্বৰ-২ ঔদ্যোগিত এলেকাত।এই ঘটনাৰ পাছতে আৰক্ষীক খবৰ দিয়া হয়। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনাৰ পৰা জ্বলি থকা কয়লা উদ্ধাৰ কৰিছে। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে কয়লা জ্বলাইছিল। সেই কয়লাৰ পৰা নিৰ্গত কাৰ্বন মনোক্সাইডৰ বাবে শ্বাসৰুদ্ধ হৈ শ্ৰমিককেইজনে মৃত্যুক সাৱতি লয়। নিহত কেইজন হৈছে অমিত বৰ্মা (৩২), সঞ্জু সিং (২২), ৰাহুল সিং (২৩), আৰু দাউদ আনছাৰী (২৮) বুলি চিনাক্ত হৈছে। এই আটাইকেইজন দেওৰিয়া জিলাৰ টাৰকুলৱা থানা এলেকাৰ অন্তৰ্গত তৌকালপুৰ গাঁৱৰ বাসিন্দা আছিল।
