ভূটান আৰু অসমত প্ৰথমবাৰৰ বাবে ৰে’লসেৱা আৰম্ভ হ’ব

25

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই ইতিমধ্যে এই ঐতিহাসিক ৰে’লপথৰ ভূমি জৰীপ সম্পূৰ্ণ কৰিছে ।অসমৰ মাজেৰে ভাৰত আৰু ভূটানৰ মাজত ৰে’ল সংযোগ স্থাপনৰ বাবে চূড়ান্ত ভূমি জৰীপ সম্পূৰ্ণ কৰিছে ৷

দুয়োখন দেশৰ মাজত প্ৰথমবাৰৰ বাবে ৰে’লসেৱা আৰম্ভ হ’ব । অসমৰ কোকৰাঝাৰ আৰু ভূটানৰ গেলেফু চহৰক সংযোগ কৰাকৈ এটা ৰে’লপথৰ নিৰ্মাণ শীঘ্ৰে আৰম্ভ হ’ব ।

চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপে দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।

মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা এডভাণ্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ সময়ত এই অভিলাষী প্ৰকল্পৰ কথা ঘোষণা কৰিছে ৷