শনিবাৰ টাউনহলে ব্যতিক্ৰমৰ ভূপেন-জয়ন্তী

166

ত্ৰিপুৰা চৰকাৰৰ সম্পূৰ্ণ সহযোগত অসমৰ সামাজিক সংগঠন ব্যতিক্ৰম মাছডোৰ উদ্যোগত শনিবাৰে সন্ধিয়া ৫ বজাৰ পৰা আগৰতলা টাউন হলত অনুষ্ঠিত হ’ব ‘ভূপেন জয়ন্তী’। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আগৰতলালৈ আহিছে ‘ভাৰতৰত্ন’ ড° ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ তথা বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ সৈতে গুৱাহাটী, কলকাতা আৰু বৰাক উপত্যকাৰ এটি সাংস্কৃতিক প্রতিনিধি দল। আগৰতলাত ড° ভূপেন হাজৰিকাৰ জন্মদিন উদযাপনৰ উপৰিও ব্যতিক্রম ৩১ অক্টোবৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে শচীন দেৱবৰ্মনৰ মৃত্যুবার্ষিকী উদযাপন কৰিবলৈ লৈছে। শুকুৰবাৰ বিয়লি আগৰতলা প্ৰেছ ক্লাৱত এক সংবাদমেলত ব্যতিক্ৰমৰ হৈ অৱগত কৰা হয় যে অসম আৰু ত্ৰিপুৰাৰ মাজত সাংস্কৃতিক বন্ধন সুদৃঢ় কৰা তেওঁলোকৰ উদ্দেশ্য।

ত্ৰিপুৰা আৰু অসমৰ বন্ধুত্ব সুদৃঢ় কৰিবলৈ শচীনকর্তা আৰু ড° ভূপেন হাজৰিকাৰ সুৰ-ৰচনা। ব্যতিক্ৰমৰ সভাপতি ড° সৌমেন ভাৰতীয়ৰ মতে, ‘শচীন দেববর্মন কেৱল ত্ৰিপুৰাৰ নহয়, সংগীত জগতৰ উজ্জ্বল নক্ষত্র। সংগীত জগতৰ আন এগৰাকী তাৰকা ড° ভূপেন হাজৰিকা’। ৭ ছেপ্টেম্বৰ আগৰতলা টাউন হলত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট লোকে অংশগ্রহণ কৰিব। অনুষ্ঠানৰ সফলতা কামনা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী অধ্যাপক ড° মাণিক সাহাকে ধৰি বহু কেইবাগৰাকী বিশিষ্ট ব্যক্তি। ৰাজ্য চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ সহযোগত এই অনুষ্ঠানত নিউজ বেংগল ৩৬৫, আই এল এছ হাস্পতাল, হেড লাইনছ ত্ৰিপুৰা, ৯২.৭ বিগ এফ এম আদি সংগঠনে সহযোগিতাৰ হাত আগবঢ়াইছে। অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটী, কলকাতা আৰু শিলচৰৰ পৰা ড° ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাক লৈ তেওঁৰ পৰিয়ালৰ শুভ হাজৰিকা, ডাৱৰ হাজৰিকা, ড° মৌছামী চহৰীয়া, সংগীত শিল্পী সংস্কৃত মালাকাৰ, নৃত্যশিল্পী তনিষা দত্ত. কণ্ঠশিল্পী জয়তী ভট্টাচার্য, গায়িকা প্রণতি তালুকদাৰ, কুঁৱলি হাজৰিকা, নম্রতা নাথ, ড° সৌমেন ভাৰতীয়, কাবেৰী শৰ্মা বৰুৱা, পিংকি দাস, দীপিকা মালাকাৰ, ৰাজু আলী, ইন্দ্ৰিক্ষী দত্ত, তৰুণ চক্রবর্তী, অৰিত্ৰ চক্রবর্তী, জয়দীপ সন্যাল, দুর্বা সন্যাল, অশোক চক্রবর্তী, আমিনুল হক ভূঞা আদি।

সংবাদমেলৰ সভাপতি ব্যতিক্রম ড° সৌমেন ভাৰতীয়াই কয়, ‘সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু শচীন দেৱবৰ্মনক শ্রদ্ধাঞ্জলি জনাই আমি চুবুৰীয়া ৰাজ্য দুখনৰ মাজত সাংস্কৃতিক যোগাযোগ আৰু অধিক সম্প্ৰসাৰণ কৰিব বিচাৰিছো। সেয়ে শনিবাৰে আগৰতলাত উদযাপন কৰা হৈছে ড° ভূপেন হাজৰিকাৰ জন্মদিন। ৩১ অক্টোবৰ গুৱাহাটীত উদযাপন কৰা হ’ব শচীন কৰ্তাৰ মৃত্যুবার্ষিকী। দুয়োটা অনুষ্ঠানলৈ সকলোকে জনাও সাদৰ আমন্ত্রণ’। আজি সংবাদমেলত উপস্থিত থকা ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাই উল্লেখ কৰে ত্ৰিপুৰাৰ সৈতে তেওঁৰ দাদা, ভূপেন হাজৰিকাৰ আত্মিক সম্পৰ্কৰ কথা। ড° ভূপেন হাজৰিকাৰ জন্মদিন উদযাপনৰ ক্ষেত্ৰত ত্ৰিপুৰা চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ব্যতিক্ৰমৰ এইধৰণৰ পদক্ষেপে তেওঁ শলাগ লয়। সমৰ হাজৰিকাৰ মতে, শচীন দেৱবৰ্মনৰ দৰে এজন মহান শিল্পীক গুৱাহাটীত সংগঠিত কৰাটোও এক অতি প্রশংসনীয় পদক্ষেপ। দুগৰাকী মহান শিল্পীকে তেওঁ শ্রদ্ধাঞ্জলি জনায়।

যোৱা ১১ বছৰ ধৰি দেশ-বিদেশত ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন কৰিছে ব্যতিক্ৰম মাছডোবে। এইবাৰ ভূপেন হাজৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্মান ২০২৪ ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী তিথি দেৱবৰ্মণ। তাৰোপৰি সংবাদমেলত উপস্থিত আছিল বিশিষ্ট সাংবাদিক তথা হেডলাইনছ ত্ৰিপুৰাৰ কৰ্ণধাৰ প্ৰণৱ সৰকাৰ, ব্যতিক্ৰম মাছডোৰ উপদেষ্টা তৰুণ চক্রবর্তী আৰু সাংস্কৃতিক প্রতিনিধি দলৰ প্ৰতিনিধিও উপস্থিত থাকে। সকলোৱে ৰাজ্যৰ সাম্প্ৰতিক দুর্যোগত নিহত হোৱা পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লগতে সকলোৰে সামগ্রিক প্রচেষ্টাৰে ত্ৰিপুৰা এই দুর্যোগ অতিক্রম কৰিবলৈ সক্ষম হ’ব বুলিও আশা প্রকাশ কৰে।