প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ চমক । ২০ ফেব্ৰুৱাৰীত তেওঁ গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা ৷ এই কথা সদৰী কৰিছে বৰাৰ ঘনিষ্ঠই ৷
বিধানসভা নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি কংগ্রেছ এৰিলে ভূপেন বৰাই । অসম প্ৰদেশ কংগ্রেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰাই এৰিলে কংগ্রেছ দল । সোমবাৰে পুৱা ৮ বজাত অসন্তুষ্টি প্ৰকাশেৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী লৈ লিখিলে পদত্যাগ পত্র ।কংগ্ৰেছ দল ত্যাগ কৰি কি কৰিব ভূপেন বৰাই ? বিজেপিত বা আন দলত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নত ভূপেন বৰাই কয় যে তেওঁ ৰাজনীতি নেৰে । ৰাজনীতিৰ অব্যাহত ৰাখিব বুলি সক্ৰিয় ৰাজনীতিৰে যে আন দলত যোগদান কৰিব তাৰ ইংগিত প্ৰদান কৰিলে ভূপেন বৰাই । ভূপেন বৰাই কয়, “ৰাজনীতিতো কৰিমেই ৷ ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ প্ৰশ্নই নুঠে। কি কৰো মই আপোনালোকক জনাম ৷”
