দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে চাকৰিৰ প্ৰস্তাৱ লাভেৰে সমাপ্ত হৈছে। ভৰতপুৰ কৌশল মহোৎসৱৰ সামৰণি অনুষ্ঠানত অধ্যক্ষতা কৰি কেন্দ্ৰীয় দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে ব্যক্তিগতভাৱে সফল প্ৰাৰ্থীসকলক চাকৰিৰ অফাৰ পত্ৰ প্ৰদান কৰে। ফ্লিপকাৰ্ট, জেপ্টো, বাৰ্গাৰ কিং আৰু বাৰ্বিকিউ নেচনকে ধৰি ৭০তকৈ অধিক উদ্যোগৰ অগ্ৰদূতসকলে অংশগ্ৰহণ কৰি ২০,০০০ৰো অধিক নিয়োগৰ সুযোগ আগবঢ়ায় আৰু প্ৰতিমাহে ১৯,০০০ৰ পৰা ৩৫,০০০ লৈকে দৰমহা লাভ কৰিব এইসকল সফল প্ৰাৰ্থীয়ে।
মন্ত্ৰী চৌধুৰীয়ে স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছআইডিএইচ) আৰু জবএক্সৰ দৰে প্লেটফৰ্মৰ জৰিয়তে আপস্কিলিঙৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জয়ন্ত চৌধুৰীয়ে এই বিষয়ে কয় যে, “এই পদক্ষেপে সকলোৰে বাবে শিক্ষা আৰু নিযুক্তিৰ পথ সৃষ্টি কৰি দেশৰ প্ৰধানমন্ত্ৰীৰ ‘জীৱনজোৰা শিক্ষা’ৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে।”
দেশৰ ৩৫০০ৰো অধিক যুৱক-যুৱতীয়ে চাকৰি-প্ৰস্তুতিৰ নিবিড় প্ৰশিক্ষণ গ্ৰহণ কৰে, যাৰ ফলত ৩,০০০টা সাক্ষাৎকাৰৰ জৰিয়তে আত্মবিশ্বাস অৰ্জন কৰি নিযুক্তি অভিযানৰ শিখৰত উপনীত হয়। পৰ্যটন, তথ্যপ্ৰযুক্তি, লজিষ্টিক আৰু বিএফএছআইৰ দৰে খণ্ডৰ নিয়োগকৰ্তাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ভৰতপুৰৰ নিয়োগৰ পৰিৱেশ বৃদ্ধি কৰে।