৭,০০০ ইভি ষ্টেচন স্থাপনৰ বাবে অংশীদাৰিত্ব ভাৰত পেট্ৰ’লিয়াম আৰু টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটীৰ

534

দেশৰ বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত বিপ্লৱৰ পথ প্ৰদৰ্শক হিচাপে জনাজাত ভাৰত পেট্ৰ’লিয়াম কৰ্পৰেচন লিমিটেডে (বিপিচিএল) ফৰ্চুন ৫০০ আৰু ইণ্টিগ্ৰেটেড মহাৰত্ন এনাৰ্জী কোম্পানী আৰু টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে সমগ্ৰ ভাৰতত ৰাজহুৱা চাৰ্জিং ষ্টেচন স্থাপনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাই ভাৰতীয় পথত ১.১৫ লাখৰো অধিক টাটা ইভিৰ পৰা বিপিচিএলৰ ব্যাপক ইন্ধন ষ্টেচন নেটৱৰ্ক আৰু টিপিইএমৰ অন্তৰ্দৃষ্টিৰ সহায় লৈ টাটা ইভিৰ গৰাকীসকলে সঘনাই ভ্ৰমণ কৰা স্থানসমূহত চাৰ্জাৰ স্থাপন কৰিব। ইয়াৰ উপৰিও গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে বিপিচিএলে চাৰ্জাৰৰ ব্যৱহাৰৰ বিষয়েও অন্তৰ্দৃষ্টি সংগ্ৰহ কৰিব।

টিপিইএম আৰু বিপিচিএলে ভাৰতত বৈদ্যুতিক বাহন(ইভি)ৰ গৰাকীসকলৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছে। টাটা ইভি ব্যৱহাৰকাৰী বা গ্ৰাহকসকলৰ বাবে পেমেণ্ট(পৰিশোধ) সহজ কৰি তুলিবলৈ আৰু অধিক পৰিমাণে গ্ৰহণ কৰিবলৈ উদগনি প্ৰদানৰ বাবে এক সহ-ব্ৰেণ্ডেড আৰএফআইডি কাৰ্ড পেমেণ্ট চিষ্টেমৰ অন্বেষণ কৰি আছে। ২১,০০০ৰো অধিক ইন্ধন ষ্টেচন থকা বিপিচিএলে অহা বছৰৰ ভিতৰত ৭,০০০ চাৰ্জিং ষ্টেচন স্থাপন কৰাৰ লক্ষ্য ৰাখিছে। নিজৰ ৰেঞ্জ(পৰিসৰ)ৰ উদ্বেগ বা অসুবিধাসমূহ সমাধানৰ বাবে সমগ্ৰ ভাৰতত ৯০টা ফাষ্ট চাৰ্জিং হাইৱে কৰিডৰ আৰম্ভ কৰিছে, দেশৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথবোৰত প্ৰতি ১০০ কিলোমিটাৰত দ্ৰুত-চাৰ্জিং ষ্টেচন স্থাপন কৰিছে।

৩০,০০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যত বিস্তৃত এই কৰিডৰসমূহে ইভিৰ সুবিধা আৰু সুলভতা নিশ্চিত কৰে। এই বিষয়ে টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড আৰু টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডৰ পৰিচালনা সঞ্চালক শৈলেশ চন্দ্ৰই কয় যে, “টিপিইএমৰ অতুলনীয় ইভি ব্যৱহাৰৰ অন্তৰ্দৃষ্টি আৰু বিপিচিএলৰ দেশব্যাপী নেটৱৰ্কৰ পৰা গ্ৰাহকসকলে যথেষ্ট পৰিমাণে লাভান্বিত হ’ব। ইয়াৰ দ্বাৰা দেশৰ চাৰ্জিং আন্তঃগাঁথনিৰ পৰিৱেশ পুনৰ গঢ় দিয়াৰ সম্ভাৱনা আছে।”