বেংগালুৰুৰ নাগৰিকে টাটা মটৰ্ছৰ স্মাৰ্ট ইলেক্ট্ৰিক বাছৰ জৰিয়তে অতি সোনকালে স্মাৰ্ট, নিৰাপদ আৰু সেউজীয়া ৰাজহুৱা পৰিবহণ ব্যৱস্থা লাভ কৰিব। এই পদক্ষেপ আনুষ্ঠানিকভাৱে শুভৰাম্ভ কৰে কৰ্ণাটকৰ পৰিবহণ মন্ত্ৰী ৰামলিংগ ৰেড্ডী, পৰিবহণ বিভাগৰৰ সচিব ড০ এন ভি প্ৰসাদ আৰু বেংগালুৰু মহানগৰ পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক জি সত্যৱতীয়ে। টিএমএল স্মাৰ্ট চিটি মবিলিটি ছলিউচনছ লিমিটেড আৰু বিএমটিচিয়ে ১২ বছৰৰ বাবে ৯২১খন অত্যাধুনিক ১২ মিটাৰ নিম্ন মহলাৰ ইলেক্ট্ৰিক বাছৰ বাবে লাভ কৰা অৰ্ডাৰ(নিৰ্দেশ)ত স্বাক্ষৰ কৰিছে। টাটা ষ্টাৰবাছ ইভি হৈছে এখন থলুৱাভাৱে বিকশিত বাছ। এই বাছখনে উৎকৃষ্ট মানৰ ডিজাইন আৰু সুবিধাৰ সৈতে বহনক্ষম আৰু আৰামদায়ক যাতায়াতৰ ব্যৱস্থা কৰে।
টাটা মটৰ্ছৰ ষ্টাৰবাছ ইভি হৈছে উন্নত সুৰক্ষামূলক বৈশিষ্ট্য আৰু এক শক্তিশালী শক্তি-দক্ষ ইলেক্ট্ৰিক ড্ৰাইভট্ৰেইনৰ সৈতে এখন শীৰ্ষস্থানীয় ইলেক্ট্ৰিক বাছ। ই শূন্য টেইলপাইপৰ নিৰ্গমনৰ সৈতে বায়ু প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰে। ইলেক্ট্ৰিক বাছখনত নতুন প্ৰজন্মৰ বৈদ্যুতিক পাৱাৰট্ৰেইন, সমন্বিত ট্ৰেন্সপ’ৰ্ট চিষ্টেম, ইলেক্ট্ৰনিক ষ্টেবিলিটি নিয়ন্ত্ৰণ, ইলেক্ট্ৰিক ব্ৰেক ডিষ্ট্ৰিবিউচন আৰু উন্নত টেলিমেটিক্স চিষ্টেম আছে।
ইতিমধ্যে টাটা মটৰ্ছে ভাৰতত ৯০০ৰো অধিক ইলেক্ট্ৰিক বাছ যোগান ধৰিছে। যাৰ ফলত ৮ কোটি কিলোমিটাৰতকৈ অধিক পথত প্ৰভাৱ পৰিছে আৰু ৯৫%তকৈ অধিক আপটাইম বজাই ৰাখিবলৈ সক্ষম হৈছে। এই বিষয়ে মন্তব্য কৰি বেংগালুৰু মহানগৰ পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক তথা আই এ এছ বিষয়া জি সত্যৱতীয়ে কয় যে, “টাটা মটৰ্ছৰ নতুন, স্মাৰ্ট ইলেক্ট্ৰিক বাছৰ সৈতে আমাৰ ফ্লিট(বহৰ) পৰিপূৰক হিচাপে কাম কৰিবলৈ আমি যথেষ্ট আশাবাদী।”