চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ ছিজন ৱানৰ চূড়ান্ত খেল আয়োজিত হ’ব বেংগালুৰুত

320

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ ছিজন ৱানৰ ফাইনেল ৰেচৰ বাবে বেংগালুৰু চহৰৰ নাম চূড়ান্ত কৰা হৈছে। দিল্লীৰ পৰা শুভাৰম্ভ হোৱা প্ৰতিযোগিতাখনে ইতিমধ্যে বহুজনৰ হৃদয় জিনিবলৈ সক্ষম হৈছে, লগতে প্ৰথমবাৰলৈ বহুজনে উপভোগ কৰিছে আকৰ্ষণীয় আৰু অভিলেখ সৃষ্টিকাৰী ৰেচ। অহা ২৫ ফেব্ৰুৱাৰীত বেংগালুৰু চহৰৰ মাজমজিয়াত অনুষ্ঠিত হ’ব চূড়ান্ত খেল, যিয়ে অনুৰাগীসকলক এক চমত্কাৰ খেলৰ প্ৰতিশ্ৰুতি দিছে।

পৰিৱৰ্তিত পৰিস্থিতিলৈ দৃষ্টি ৰাখি ৰেচৰ স্থান অপ্ৰত্যাশিতভাৱে সলনি কৰিব লগা হৈছিল, এই নতুন সিদ্ধান্তৰ ফলশ্ৰুতিত আয়োজক সমিতিয়ে নতুন স্থানত সকলোৰে বাবে এক নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত অভিজ্ঞতা নিশ্চিত কৰিবলৈ ব্যৱস্থা হাতত লৈছে। চুপাৰক্ৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সঞ্চালক আৰু সহ-প্ৰতিষ্ঠাপক বীৰ পেটেলে এই নতুন সিদ্ধান্তৰ ফলত হোৱা যিকোনো অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰিছে। লগতে সুৰক্ষা আৰু লজিষ্টিক বিবেচনাক অগ্ৰাধিকাৰ দিয়াৰ বাবেও বিশেষ গুৰুত্ব আৰোপ কৰিছে। বেংগালুৰুৰ এছিয়াৰ ফিনিক্স মলৰ বিপৰীতে থকা ব্যায়াতাৰায়নাপুৰাৰ ঐতিহ্যমণ্ডিত এপিএমচি খেলপথাৰক ফাইনেল ৰেচৰ স্থান হিচাপে বাছনি কৰা হৈছে। বীৰ পেটেলে উল্লেখ কৰে যে, মটৰচাইকেল ইভেণ্টৰ কেন্দ্ৰ হিচাপে বেংগালুৰুৰ স্থিতিয়ে উদ্বোধনী ছিজন সমাপ্ত কৰাৰ বাবে এক আদৰ্শ স্থান হিচাপে গঢ়ি তুলিছে, ইতিমধ্যে উৎসাহী সকলৰ সমৰ্থন আৰু ব্যাপক সমাদৰ দেখা পাইছে ক্ৰীড়ানুৰাগীয়ে।

ফাইনেলৰ স্থান স্থানান্তৰিত হোৱাৰ পিছতো চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে বিশ্বমানৰ অভিজ্ঞতা প্ৰদানৰ বাবে প্ৰতি মুহূৰ্ততে সমৰ্পিত হৈ আছে। অনুৰাগীসকলে ফাইনেলত হাই-অক্টেন ৰেচিং একচনৰ আশা কৰিব পাৰে কাৰণ ৰোমাঞ্চকৰ চূড়ান্ত খেলখনত ৰাইডাৰসকলে আধিপত্যৰ বাবে সৰ্বোচ্চ উজাৰি দিব। এই লীগৰ জৰিয়তে এক কালজয়ী স্মৃতি সৃষ্টিৰ লগতে বেংগালুৰুৰ অনুৰাগী-দৰ্শকৰ সমুখত ছুপাৰক্ৰছৰ উত্তেজনা প্ৰদৰ্শন কৰাৰ লক্ষ্য হাতত লোৱা হৈছে।