বেংগালুৰু মেট্ৰ’পলিটান ট্ৰান্সপোৰ্ট কৰ্পোৰেশ্যনে টাটা মটৰ্চৰ সৈতে এক চুক্তি স্বাক্ষৰ

428

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা টাটা মটৰ্ছে আজি ঘোষণা কৰে যে বেংগালুৰু মেট্ৰ’পলিটান ট্ৰান্সপোৰ্ট কৰ্পোৰেশ্যনে (বিএমটিচি) ইয়াৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক কোম্পানী টিএমএল স্মাৰ্ট চিটি মোবিলিটি ছলিউচনছ লিমিটেডৰ সৈতে বেংগালুৰু চহৰত ৯২১ খন বৈদ্যুতিক বাছ পৰিচালনাৰ বাবে এক নিশ্চিত চুক্তি স্বাক্ষৰ কৰিছে। চুক্তিৰ অংশ হিচাপে, টিএমএল স্মাৰ্ট চিটি মোবিলিটি ছলিউচনলিমিটেডে ১২ বছৰৰ বাবে ১২ মিটাৰ নিম্ন মহলাবৈদ্যুতিক বাছৰ ৯২১ ইউনিট যোগান ধৰিব, পৰিচালনা কৰিব আৰু ৰক্ষণাবেক্ষণ কৰিব। টাটা ষ্টাৰবাছ ইলেক্ট্ৰিক হৈছে বহনক্ষম আৰু আৰামদায়ক যাতায়তৰ বাবে উৎকৃষ্ট ডিজাইন আৰু শ্ৰেষ্ঠ-শ্ৰেণীৰ সুবিধাৰ সৈতে এক স্বদেশী ভাৱে বিকশিত বাহন।

টাটা মটৰ্ছৰ অত্যাধুনিক গৱেষণা আৰু বিকাশ সুবিধাবোৰে বেটাৰী-বৈদ্যুতিক, হাইব্ৰিড, চিএনজি, এলএনজি আৰু হাইড্ৰজেন ফুৱেল চেল প্ৰযুক্তিকে ধৰি বৈকল্পিক ইন্ধন প্ৰযুক্তিৰ দ্বাৰা চালিত অভিনৱ গতিশীলতা সমাধান প্ৰস্তুত কৰাৰ বাবে ক্ৰমান্বয়ে কাম কৰি আহিছে। আজিলৈকে, টাটা মটৰ্ছে ভাৰতৰ একাধিক চহৰত ৭৩০ খনতকৈও অধিক বৈদ্যুতিক বাছ যোগান ধৰিছে, যিবোৰে সামগ্ৰিকভাৱে ৫৫ নিযুত কিলোমিটাৰতকৈ অধিক সময় অতিক্ৰম কৰিছে, যাৰ আপটাইম ৯৫%-তকৈ অধিক।

এই ঘোষণাসন্দৰ্ভত মন্তব্য কৰি বেংগালুৰু মেট্ৰ’পলিটান ট্ৰান্সপোৰ্ট কৰ্পোৰেচনৰ মেনেজিং ডাইৰেক্টৰ আইএএছ শ্ৰীমতী জি সত্যৱতীয়ে কয়, “বৈদ্যুতিক গতিশীলতা ক্ষেত্ৰত টাটা মটৰ্ছৰ বিশাল অভিজ্ঞতাই নিশ্চিতভাৱে চহৰখনত নিৰৱচ্ছিন্ন, সুৰক্ষিত আৰু আৰামদায়ক যাতায়ত প্ৰদান কৰাত সহায় কৰিব।”