প্ৰথম জি-২০ বিত্ত আৰু কেন্দ্ৰীয় বেংকৰ ডেপুটিজ (এফচিবিডি) বৈঠক ১৩-১৫ ডিচেম্বৰ ২০২২ তাৰিখে বাংগালুৰুত অনুষ্ঠিত হ’ব। ভাৰতীয় জি-২০ প্ৰেচিডেন্সিৰ অধীনত ফাইনেন্স ট্ৰেক কাৰ্যসূচীৰ ওপৰত আলোচনা আৰম্ভ হ’ব লগীয়া এই বৈঠকখন বিত্ত মন্ত্ৰালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে যুটীয়াভাৱে আয়োজন কৰিব।
জি-২০ দেশৰ বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰসকলৰ নেতৃত্বত জি-২০ বিত্তীয় ট্ৰেকত অৰ্থনৈতিক আৰু বিত্তীয় বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ই বিশ্বব্যাপী অৰ্থনৈতিক আলোচনা আৰু নীতি সমন্বয়ৰ বাবে এক কাৰ্যকৰী মঞ্চ প্ৰদান কৰে। প্ৰথম বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰসকলৰ বৈঠক ২০২৩ চনৰ ২৩-২৫ ফেব্ৰুৱাৰীত বাংগালুৰুত অনুষ্ঠিত হ’ব।
জি-২০ বিত্ত আৰু কেন্দ্ৰীয় বেংকৰ ডেপুটিসকলৰ আগন্তুক বৈঠকত অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰী অজয় শেঠ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উপ গভৰ্ণৰ ড০ মাইকেল ডি পাত্ৰৰ সহ-সভাপতিত্ব তত্বাৱধানত অনুষ্ঠিত হ’ব। দুদিনীয়া বৈঠকত জি-২০ সদস্য দেশসমূহৰ পৰা আৰু ভাৰতৰ দ্বাৰা আমন্ত্ৰণ জনোৱা আন কেইবাখনো দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ পৰা তেওঁলোকৰ সমকক্ষসকলে অংশগ্ৰহণ কৰিব।
