অসমত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ এক দল ১৬ ফেব্ৰুৱাৰী নিজৰ তিনিদিনীয়া ভ্ৰমণ আৰম্ভ কৰিব। এই সময়ছোৱাত আয়োগৰ দলটি বিভিন্ন বিশেষ পক্ষৰ সৈতে এলানি বৈঠকত মিলিত হ’ব। প্ৰাপ্ত তথ্যমতে, দলটি প্ৰতিটো ৰাজনৈতিক দলৰ প্রতিনিধিসহ সকল জিলাৰ ডি চি আৰু এছ এছ পিৰ সৈতে আলোচনা কৰিব। ১৮ ফেব্ৰElev ষম্বৰ বিয়লি ৩ বজাত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত নির্বাচন আয়োগৰ পক্ষত এখন সংবাদমেলৰ আয়োজন হ’ৱ বুলি চৰকাৰী সূত্ৰে জনোৱা হৈছিল।
