চিৰসেউজ আকৰ্ষণ আৰু আধুনিক ধাৰাক একত্ৰিত কৰা জনগোষ্ঠীয় পোছাকৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰিসৰৰ সৌন্দৰ্য আৰু মেকআপৰ প্ৰয়োজনীয়তা যি এক উজ্জ্বল পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়ে, আমাজন ফেশ্বনত প্ৰাক-উৎসৱৰ প্ৰস্তাৱবোৰে এই উৎসৱৰ বতৰত নিজকে সাজু কৰিব বিচৰা ক্ৰেতাসকলৰ বাবে আনন্দদায়ক হ’ব বুলি প্ৰতিশ্ৰুতি দিছে। এই উৎসৱৰ বতৰত ফেশ্বন অনুৰাগীৰ বাবে বিভিন্ন বিকল্প প্ৰদান কৰিছে, যাৰ ভিতৰত আছে কুৰ্তা, চাৰ্ট, শাৰী, লেহেংগা, মেকআপ, ছালৰ যতন আৰু সুগন্ধি।
ষ্টাইলিছ জোতা, আনুষংগিক সামগ্ৰী, টাইমপিছ আৰু পৰিশোধিত লাগেজ চেটৰ দ্বাৰাও গ্ৰাহকসকলে নিজৰ চেহেৰা বা ৰূপক উন্নত কৰি উৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব পাৰে। ৮-১২ ছেপ্টেম্বৰলৈ আমাজন ফেশ্বনে আয়োজন কৰিছে ‘দ্য এথনিক উইক’ৰ, য’ত শাৰী, কুৰ্তা চেট, লেহেংগা চোলি, বটম আৰু ফিউজন পোছাককে ধৰি আগশাৰীৰ জনগোষ্ঠীয় ব্ৰেণ্ড আৰু ষ্টাইলৰ সুসজ্জিত বিভিন্ন পৰিসৰ প্ৰদান কৰা হৈছে।
আপুনি ছিজনৰ শেহতীয়া বিবাহ শৈলী, মাৰ্জিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ পোছাক, ব্যৱহাৰিক কামৰ বাবে সাজু কৰি তোলা ভাৰতীয় পোছাক, উৎকৃষ্ট জনগোষ্ঠীয় পাৰ্টি পোছাক অথবা চকু ছাট মাৰিব পৰা উৎসৱমুখৰ সাজ-সজ্জা বিচাৰিছে নেকি, তেন্তে আপোনাৰ বাবে সকলো সামৰি লোৱা হৈছে। ৮০%পৰ্যন্ত ৰেহাইত বিবা, জনস্য, নব্যাছা, ইণ্ডিয়া, গ্ল’বেল দেশী, অৰেলিয়া, ডব্লিউ, ক্ল’ছিয়া আৰু আন বহুতো ব্ৰেণ্ডৰ পাৰ্ফেক্ট অনাৰকালি চ্যুট, প্ৰিমিয়াম চিল্ক শাৰী, ফেশ্বনেবল শৰাৰা চেট আৰু বহুতো পোছাক অন্বেষণ কৰক।
