পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) অধ্যক্ষ মহছিন নকভিয়ে শুকুৰবাৰে স্পষ্টভাৱে এই কথাৰ অস্বীকাৰ কৰি কয় যে তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ (বিচিচিআই) পৰা কোনো আনুষ্ঠানিক পত্ৰ লাভ কৰিছে যে তেওঁলোকৰ ৰাষ্ট্ৰীয় দলে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে। বৃহস্পতিবাৰে, পিচিবি সূত্ৰই দাবী কৰে যে ভাৰতে ‘হাইব্ৰিড মডেল’ বাছনি কৰিছে, য’ত তেওঁলোকৰ সকলো মেচ ডুবাইত অনুষ্ঠিত হ’ব। হাইব্ৰিড মডেলটো ২০২৩ চনৰ এছিয়া কাপৰ সময়তো গ্ৰহণ কৰা হৈছিল, য’ত পাকিস্তানে ঘৰুৱা খেল খেলিছিল কিন্তু ভাৰতে শ্ৰীলংকাত তেওঁলোকৰ খেল খেলিছিল।
শুকুৰবাৰে পুৱা বিচিচিআইৰ সূত্ৰই দাবী কৰে যে ভাৰতে ইতিমধ্যে আনুষ্ঠানিকভাৱে পিচিবিক কৈছে যে তেওঁলোকে পাকিস্তান ভ্ৰমণ নকৰে কিন্তু সন্ধিয়া নকভিয়ে গাদ্দাফি ষ্টেডিয়ামত এখন সংবাদমেলত ইয়াক অস্বীকাৰ কৰে।তেওঁ এই সন্দৰ্ভত কয় যে আজিলৈকে, কোনেও আমাৰ সৈতে হাইব্ৰিড মডেলৰ বিষয়ে আলোচনা কৰা নাই বা আমি এই বিষয়ে কথা পাতিবলৈ সাজু নহয়। কিন্তু আমি যোৱা কেইবছৰমানধৰি এটা ভাল মনোভাৱ দেখুৱাই আহিছো আৰু কোনেও আশা কৰা উচিত নহয় যে আমি সকলো সময়তে এনে কৰো।
উল্লেখ্য যে পিচিবিয়ে বিচিচিআইক প্ৰস্তাৱ দিছিল যে ভাৰতে দিল্লী বা চণ্ডিগড়ত গৃহ স্থাপন কৰিব পাৰে আৰু খেলৰ দিনা লাহোৰলৈ উৰা মাৰিব পাৰে আৰু খেল খন শেষ হোৱাৰ পিছদিনা ঘূৰি আহিব পাৰে কিন্তু ইয়াক নাকচ কৰা হৈছিল। শেষবাৰৰ বাবে ভাৰতে ২০০৮ চনত এছিয়া কাপৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল, কিন্তু সেই বছৰৰ ২৬ নৱেম্বৰত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত, ৰাষ্ট্ৰীয় দলটোৱে চুবুৰীয়া দেশখন ভ্ৰমণ কৰা নাই।