ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন নহয়। এই কথা পুনৰবাৰ উল্লেখ কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডবিয়াই। লোকসভাত ক্ৰীড়া মন্ত্ৰীয়ে প্ৰকাশ কৰে অহা বছৰ নতুন ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন আইন বলবৎ হোৱাৰ পিছত ইয়াত কিছু পৰিবৰ্তন হোৱাৰ সম্ভাৱনা আছে। তৃণমূল কংগ্ৰেছৰ কলকাতা দক্ষিণৰ প্ৰতিনিধি মালা ৰায়ৰ এক প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰে মাণ্ডবিয়াই।
ৰায়ে প্ৰশ্ন কৰিছিল যে চৰকাৰে বিচিচিআই আৰু নগদ ধনৰ অভাৱত ভোগা অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ দৰে ডাঙৰ ক্ৰীড়া সংস্থাসমূহৰ সঠিক আৰু মসৃণ কাম-কাজ নিশ্চিত কৰাৰ বাবে নিয়ন্ত্ৰণ লোৱাৰ মনস্থ কৰিছে নেকি? মাণ্ডবিয়াই পুনৰ কয় যে এন এছ এফৰ পৰা ভাল পৰিচালনা পদ্ধতি তৈয়াৰ হ’ব বুলি আশা কৰা হৈছে। মাণ্ডবিয়াই কয় যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ক ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন (এনএছএফ) হিচাপে স্বীকৃতি দিয়া হোৱা নাই। চলিত বৰ্ষৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন আইন গৃহীত হৈছিল, আৰু ইয়াৰ নিয়মসমূহ অতি সোনকালে অৱগত কৰা হ’ব। অহা বছৰৰ আৰম্ভণিতে এই আইনখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে মাণ্ডবিয়াই।
ইয়াত ৰাষ্ট্ৰীয় ক্ৰীড়া ব’ৰ্ড (এন এছ বি)ৰ ব্যৱস্থা কৰা হৈছে যিয়ে জবাবদিহিতাৰ এক কঠোৰ ব্যৱস্থা সৃষ্টি কৰিব, আৰু কেন্দ্ৰীয় চৰকাৰৰ ধন লাভ কৰিবলৈ সকলো এন এছ এফে এন এছ এফৰ পৰা স্বীকৃতি লাভ কৰিব লাগিব। চৰকাৰী পুঁজিৰ ওপৰত নিৰ্ভৰ নকৰাৰ বাবে বিচিচিআই এতিয়াও স্বীকৃতিপ্ৰাপ্ত এনএছএফ নহয়। কিন্তু নতুন আইনখন কাৰ্যকৰী হ’লে বিচিচিআইয়ে নিজকে এনএছএফ হিচাপে পঞ্জীয়ন কৰিব লাগিব কাৰণ ক্ৰিকেট অলিম্পিক খেলত পৰিণত হৈছে, ২০২৮ চনৰ গেমছত টি-২০ ফৰ্মেটত অভিষেক ঘটাব।
