BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী অসুস্থ, হাস্পতালত ভৰ্তি

69

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী হঠাৎ অসুস্থ হৈ পৰাৰ পিছতে তেওঁক কলকাতাৰ উডলেণ্ড হাস্পতালত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, সৌৰভ গাংগুলীয়ে পুৱা জিমত কচৰৎ কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকী অসুস্থ হৈ পৰাৰ পিছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। চিকিৎসকৰ এক সূত্ৰই সদৰী কৰা মতে, গাংগুলী হৃদৰোগত আক্ৰান্ত হৈছে। ইফালে বিচিচিআইৰ অধ্যক্ষগৰাকী অসুস্থ হৈ পৰাৰ পিছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে তেওঁৰ অসংখ্য গুণমুগ্ধই আশু আৰোগ্য কামনা কৰে।