বিবিএফএছ ৰেচিডেন্সিয়েল একাডেমীৰ গুৱাহাটীত ট্ৰায়েলৰ পৰিকল্পনা 

631

এঞ্জোগোৰ অধীনত পৰিচালিত ভাইচুং ভূটীয়া ফুটবল বিদ্যালয়(বিবিএফএছ)  অহা ২১ এপ্ৰিলত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথেলটিক ষ্টেডিয়ামৰ অনুশীলন খেলপথাৰত আৱাসিক একাডেমী কাৰ্যসূচী(ৰেচিডেন্সিয়েল একাডেমী প্ৰগ্ৰাম)ৰ বাবে পৰীক্ষণ(ট্ৰায়েল) অনুষ্ঠিত কৰিব। ২০০৭ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ ২০১৪ চনৰ ভিতৰত জন্ম গ্ৰহণ কৰা উদীয়মান খেলুৱৈসকল পৰীক্ষণত অংশগ্ৰহণ কৰিব পাৰিব। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব এই পৰীক্ষণ কাৰ্যসূচী। ফুটবল খেলুৱৈসকলে নিজৰ খেলৰ কিট আৰু বৈধ পৰিচয় পত্ৰ লগত আনিব লাগিব। সকলো অংশগ্ৰহণকাৰীৰ বাবে পঞ্জীয়ন মাচুল ১০০/- টকা ধাৰ্য কৰা হৈছে।

ভৱিষ্যতৰ চেম্পিয়ন বা তাৰকা গঢ়ি তোলাৰ লক্ষ্যৰে বিবিএফএছ ৰেচিডেন্সিয়েল একাডেমীৰ ট্ৰায়েল সমগ্ৰ দেশতে অনুষ্ঠিত হ’ব, য’ত নিৰ্বাচিত স্কাউটসকলে বিভিন্ন চহৰলৈ গৈ বিভিন্ন প্ৰতিভাধৰসকলক জড়িত কৰিব। এই ট্ৰায়েলসমূহে যুৱ ফুটবল খেলুৱৈসকলৰ বাবে নিজৰ দক্ষতা মূল্যায়ন কৰিবলৈ আৰু দেশৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক ৰেটিং প্ৰাপ্ত ফুটবল প্ৰতিযোগিতাত যোগদান কৰিবলৈ এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব, যিয়ে প্ৰতিভাধৰসকলৰ ভৱিষ্যতৰ কেৰিয়াৰৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কাম কৰিব।

বিবিএফএছৰ সহ-প্ৰতিষ্ঠাপক তথা ভাৰতীয় ফুটবলৰ কিংবদন্তি ভাইচুং ভুটিয়াই এই পদক্ষেপৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “বিবিএফএছ ৰেচিডেন্সিয়েল একাডেমীৰ ট্ৰায়েল প্ৰতিভাৱান খেলুৱৈসকলৰ বাবে এখন ডাঙৰ মঞ্চ আৰু আমাৰ প্ৰতিযোগিতা-পদক্ষেপত যোগদান আৰু নিজৰ শ্ৰেষ্ঠ সম্ভাৱনা প্ৰাপ্ত কৰিবলৈ প্ৰশিক্ষণ গ্ৰহণৰ এক সুন্দৰ সুযোগ।”