বাক্সা বন সংমণ্ডলৰ দ্বিতীয়টো বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন

22

বি টি চিৰ অন্তৰ্গত বাক্সা বন সংমণ্ডলৰ কুমাৰীকাটা ৰেঞ্জৰ অধীনস্থ আৰু ভূটান হিমালয়ৰ পাদদেশত অৱস্থিত দৰঙা সংৰক্ষিত বনাঞ্চলত সোমবাৰে প্ৰায় ৩০ বছৰীয়া এজনী মাইকী হাতীৰ দেহত ৰেডিঅ কলাৰ সংস্থাপিত কৰা হয়। মানাহৰ ভূ-খণ্ডত হাতীৰ চাল-চলন আৰু বিচৰণথলী ব্যৱহাৰৰ ধৰণ নিৰীক্ষণ কৰাৰ অৰ্থে তামুলপুৰ জিলা আৰু আৰক্ষী প্ৰশাসনৰ সক্ৰিয় সহযোগিতাত অসমৰ বন বিভাগ আৰু অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ যৌথ উদ্যোগত এই প্ৰকল্প ৰুপায়ণ কৰা হৈছে। বাক্সা বন সংমণ্ডলৰ ডি এফ অ প্ৰদীপ ভূঞাৰ তত্বাৱধানত মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড: চি ৰমেশৰ নেতৃত্বত হাতীজনীৰ দেহত ৰেডি কলাৰ সংস্থাপনৰ কাম সম্পন্ন কৰা হয়।

এইটো বাক্সা বন সংমণ্ডলৰ বন্যহস্তীৰ দেহত ৰেডিঅ’কলাৰ সংস্থাপনৰ দ্বিতীয়টো সফলতা। ২০২৪ চনৰ ১৮ নৱেম্বৰত এটা মখনাৰ দেহত প্ৰথমটো ৰেডিঅ কলাৰ সংস্থাপন কৰা হৈছিল। পশু চিকিৎসক ড: প্ৰভাত বসুমতাৰী, ড: ভাস্কৰ চৌধুৰী আৰু দেৱব্ৰত ফুকন; হস্তী বিশেষজ্ঞ কৌশিক বৰুৱা; অসম ৰাজ্যিক চিৰিয়াখানাৰ কাৰিকৰী বিশেষজ্ঞ প্ৰিয়কান্ত বৰদলৈ, সুনীল টেৰণ; আৰণ্যকৰ জীৱবিজ্ঞানী অভিজিৎ বৰুৱা, অনুষ্কা শইকীয়া আৰু আৰণ্যকৰ দলৰ সদস্য দিবাকৰ নায়ক, দীপাংকৰ হালৈ, ৰংজালু বসুমতাৰী, দিদম দৈমাৰী আৰু ৰূপম গয়াৰীক লৈ গঠিত কলাৰ সংস্থাপনকাৰী দলটোক আৰণ্যকৰ হাতী সংৰক্ষণ আৰু গৱেষণা বিভাগৰ (ই আৰ চি ডি) উপ মুখ্য মূৰব্বী হিতেন কুমাৰ বৈশ্যই সহায় কৰে।

এছ বি আই ফাউণ্ডেশ্যন আৰু আমেৰিকাৰ মেছাচুচেটছ বিশ্ববিদ্যালয়ৰ অধ্যাপক কাৰ্টিছ গ্ৰীফিনৰ সহায় আৰু উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰাণ্যকৰ সহযোগত এই অভিযানটো সম্পূৰ্ণ কৰা হয় ।