স্তনৰ কৰ্কট ৰোগৰ বিষয়ে সচেতনতা বিয়পোৱা আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে গুৰগাঁৱৰ মেডাণ্ট হাস্পতালে এখন সচেতনতামূলক ছবি মুকলি কৰিছে। অতি কম সময়ৰ ভিতৰতে ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহত ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱো এই ছবিখনে ৮০ লাখতকৈও অধিক দৰ্শকৰ কাষ চাপি এক উল্লাসজনক মাইলৰ খুঁটি অৰ্জন কৰিছে। নিউজউইকে একেৰাহে ৬ বছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত হাস্পতালৰ স্বীকৃতি প্ৰদান কৰা গুৰগাঁৱৰ মেডাণ্ট – দ্য মেডিচিটীৰ দ্বাৰা প্ৰস্তুত কৰা এই ভিডিঅ’টো হাস্পতালৰ “জানতা হ্যে মেডাণ্ট” আন্দোলনৰ এক অংশ, যি কৰ্কট ৰোগৰ সজাগতা আনিবলৈ উৎসৰ্গিত। “বন্নো কি ৰছম” নামৰ ২ মিনিট ২৮ ছেকেণ্ডৰ ভিডিঅ’টোৱে নিজৰ স্তন পৰীক্ষাক শক্তি, আত্ম-প্ৰেম আৰু যত্নৰ এক পৰম্পৰা হিচাপে অনন্য ৰূপত কল্পনা কৰিছে— যি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰিত হয়—আৰু মহিলাসকলক প্ৰাপ্তবয়স্ক হোৱাৰ পিছত নিজৰ স্তন পৰীক্ষাক মাহেকীয়া ৰীতি-নীতিত পৰিণত কৰিবলৈ আহ্বান জনাইছে।
এই সচেতনতামূলক ছবিৰ সফলতাৰ কথা উল্লেখ কৰি মেডাণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নাৰেশ ত্ৰেহানে কয় যে, “মহিলাসকল এক প্ৰগতিশীল সমাজৰ মেৰুদণ্ড, দেশৰ নাৰী সমাজ ব্যক্তিগত আৰু পেছাদাৰী দায়িত্বসমূহৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ লোৱাত অন্যতম অংশীদাৰ। এই বন্নো কি ৰছম ছবিৰ জৰিয়তে মেডাণ্টই মহিলাসকলক সবলীকৰণৰ প্ৰতি থকা নিজৰ প্ৰতিশ্ৰুতি দৃঢ়তাৰে প্ৰকাশ কৰিছে, এই গুৰুত্বপূৰ্ণ স্বাস্থ্য উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি আৰু ইয়াৰ সৈতে জড়িত সামাজিক ষ্টিগমাসমূহ নোহোৱা কৰিবলৈ এই সজাগতা ভিডিঅ’ প্ৰস্তুত কৰা হৈছে।” মেডাণ্ট – দ্য মেডিচিটীৰ স্তন কেঞ্চাৰ বিভাগৰ জ্যেষ্ঠ পৰিচালক ডাঃ কাঞ্চন কৌৰে কয় যে, “স্তন কেঞ্চাৰৰ বাবে নিয়মীয়াকৈ স্ক্ৰীনিং আৰু নিজে পৰীক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ কাৰণ সতৰ্কতা অৱলম্বন কৰিলে চিকিৎসাৰ ফলাফল আৰু বাচি থকাৰ হাৰ বহু পৰিমাণে সম্ভৱপৰ হয়।” ইউটিউবত এতিয়াই চাবলৈ ভিডিঅ’টোৰ লিংক: https://www.youtube.com/watch?v=E0FbGMRbsV0.”জানতা হ্যে মেডাণ্ট” আন্দোলন হৈছে বুজাপৰা, সহানুভূতি আৰু আশ্বাসৰ প্ৰতিশ্ৰুতি-এক সশ্ৰদ্ধ নিবেদন যে মেডাণ্টই ৰোগীসকলৰ সংগ্ৰাম আৰু নিৰাময়, আশা আৰু মানৱতাৰ প্ৰতি নিজৰ অটল দায়বদ্ধতাক সঁচাকৈয়ে বুজি পায়।
