ভাৰত আৰু বাংলাদেশৰ মাজত স্বাক্ষৰিত হ’ল ১০খনকৈ গুৰুত্বপূৰ্ণ চুক্তি, শক্তিশালী কৰিলে দ্বিপাক্ষিক সম্পৰ্ক

83

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দুদিনীয়া ভাৰত ভ্ৰমণে আৰু অধিক শক্তিশালী কৰিলে ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ, য’ত বিভিন্ন খণ্ডৰ সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে ১০খনকৈ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে। প্ৰধানমন্ত্ৰী হাছিনাই নিজৰ প্ৰতিনিধি দলৰ সৈতে এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। এই চুক্তিসমূহে  এক বিস্তৃত ‘সেউজ অংশীদাৰিত্ব’কে ধৰি ডিজিটেল সংযোগ, মহাকাশ গৱেষণা, সামুদ্ৰিক সহযোগিতা, নিৰাপত্তা সহযোগিতা, স্বাস্থ্যসেৱা, দুৰ্যোগ ব্যৱস্থাপনা, মীনপালন, ৰে’ল সংযোগৰ দৰে কৌশলগত আৰু প্ৰয়োজনীয় ক্ষেত্ৰসমূহক সামৰি লৈছে। উল্লেখযোগ্য যে, ভাৰতে বাংলাদেশী নাগৰিকৰ বাবে মেডিকেল ই-ভিছা মুকলি কৰাৰ কথাও ঘোষণা কৰিছে, যি পদক্ষেপৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাৰ সুযোগ আদায় কৰিবলৈ অধিক সুবিধা প্ৰদান কৰা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চুক্তিকেইখনক ভাৰত-বাংলাদেশ দুয়োখন ৰাষ্ট্ৰৰ ভৱিষ্যতক আগুৱাই নিয়াৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰশংসা কৰে, বিশেষকৈ সেউজ প্ৰযুক্তি, ডিজিটেল ক্ষেত্ৰখনৰ উদ্ভাৱন আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত যুটীয়া পদক্ষেপৰ জৰিয়তে যুৱক-যুৱতীসকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, সেউজ অংশীদাৰিত্ব, ডিজিটেল সহযোগিতা, সামুদ্ৰিক অৰ্থনীতি আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত সহযোগিতাৰ এই চুক্তিয়ে আমাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।

এই ভ্ৰমণৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি ভৱনত উষ্ম সম্বৰ্ধনা জনোৱা হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক। এই ভ্ৰমণকালত নতুন দিল্লীৰ  ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী হাছিনাই। প্ৰধানমন্ত্ৰী মোদীয়ে যুটীয়া প্ৰকল্প ৰূপায়ণ আৰু পাৰস্পৰিক অগ্ৰগতিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি ভাৰতৰ সৰ্ববৃহৎ উন্নয়ন অংশীদাৰ হিচাপে বাংলাদেশৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এই অনুভূতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতক বাংলাদেশৰ প্ৰধান প্ৰতিবেশী ৰাষ্ট্ৰ আৰু বিশ্বাসযোগ্য মিত্ৰ ৰূপে অভিহিত কৰে, এই সুদৃঢ় সম্পৰ্ক আজিৰ নহয়, বৰঞ্চ ১৯৭১ৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ পৰাই শিপাই আছে। দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বিভিন্ন ক্ষেত্ৰত ভাৰত-বাংলাদেশ সম্পৰ্কৰ দৃঢ়তা আৰু সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি এই অনুভূতি অনুৰণিত কৰি নিজৰ আশা ব্যক্ত কৰিছে।