টি-২০ বিশ্বকাপৰ স্থান সলনি কৰিবলৈ বাংলাদেশৰ অনুৰোধ নাকচ কৰিছে আইচিচিয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে স্পষ্টকৈ উল্লেখ কৰিছে যে বিশ্বকাপ খেলিবলৈ বাংলাদেশ ভাৰতলৈ আহিব লাগিব। যদি নাহে, তেন্তে পইণ্ট হেৰুৱাবলগীয়া হ’ব। সূত্ৰ অনুসৰি আইচিচিয়ে ভাৰ্চুৱেল বৈঠকত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক অৱগত কৰে যে ভাৰতৰ বাহিৰত মেচ খেলিবলৈ তেওঁলোকৰ অনুৰোধ নাকচ কৰা হৈছে।
খবৰ অনুসৰি আইচিচিয়ে বিচিবিক জনাইছিল যে বাংলাদেশে টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ যাব লাগিব, নহ’লে পইণ্ট হেৰুৱাব পাৰে। ইফালে বিচিবিৰ সূত্ৰই জনোৱা মতে, আইচিচিয়ে এই অনুৰোধ নাকচ কৰাৰ বিষয়ে তেওঁলোকক অৱগত কৰা হোৱা নাই। ২০২৬ৰ টি-২০ বিশ্বকাপৰ সূচী ইতিমধ্যে চূড়ান্ত হৈছে। বাংলাদেশে অহা ৭ ফেব্ৰুৱাৰীত কলকাতাৰ ইডেন গাৰ্ডেনত দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব।
ইয়াৰ পিছতে ৯ ফেব্ৰুৱাৰীত একে স্থানতে ইটালীৰ বিৰুদ্ধে খেলিব। ইয়াৰ পিছত বাংলাদেশে কলকাতাত ইংলেণ্ডৰ দৰে শক্তিশালী দলৰ মুখামুখি হ’ব। এই মেচসমূহৰ পিছত দলটোৱে মুম্বাইলৈ যাত্ৰা কৰিব, য’ত ৱানখেড়ে ষ্টেডিয়ামত নেপালৰ বিৰুদ্ধে খেলিব।
