চুবুৰীয়া বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলোৱা আতিশয্য আৰু হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যাৰ সন্দৰ্ভত সমগ্ৰ ৰাজ্য জুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ২৪ ডিচেম্বৰৰ দিনা সন্ধিয়া গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ পৰা মালিগাওঁ হৈ আদাবাৰীলৈ উলিওৱা হয় বিশাল প্ৰতিবাদী সমদল । বৃহত্তৰ পাণ্ডু-মালিগাঁও ৰাইজৰ উদ্যোগত উলিওৱা এই সমদলত প্ৰতিবাদকাৰী সকলে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুচৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বাংলাদেশৰ পতাকা জ্বলাই দিয়ে প্ৰতিবাদ কাৰী সকলে । প্ৰতিবাদকাৰী সকলে বাংলাদেশত হিন্দু ধৰ্মী দীপু চন্দ্ৰ দাসৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু বাংলাদেশত থকা হিন্দু সকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত বাংলাদেশ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পাণ্ডু মালিগাঁও।
লগতে প্ৰতিবাদকাৰীসকলে “বাংলাদেশ গ’ বেক, হিন্দু নিৰ্যাতন বন্ধ কৰক, বাংলাদেশী মুৰ্দাবাদ, হিন্দু নিৰ্যাতন বন্ধ কৰক, বাংলাদেশী মৌলবাদী হুঁচিয়াৰ, মহম্মদ ইউনুছ হুঁচিয়াৰ” আদি শ্লোগানেৰে পাণ্ডু, মালিগাঁও, আদাবাৰী অঞ্চল উত্তাল কৰি তোলে । চুবুৰীয়া ৰাষ্ট্ৰখনত হিন্দুৰ ওপৰত কৰা নিৰ্যাতন কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে । উল্লেখ্য যে আজি পাণ্ডু মালিগাঁও অঞ্চলৰ প্ৰায় তিনি শতাধিক লোকে মালিগাঁও আদাবাৰীস্থিত পাণ্ডু বিজেপি মণ্ডল কাৰ্যালযৰ পৰা হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰি সমদল আদাবাৰী তিনিআলি লৈ আহে। আদাবাৰী তিনিআলিত প্ৰতিবাদকাৰী সকলে মূল পথৰ ওপৰত বাংলাদেশৰ পতাকা জ্বলাই মৌলবাদী হিংসাৰ ঘটনাক একেমুখে ধিক্কাৰ দিয়ে।
ইপিনে মূল পথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰাত যান-বাহনৰ চলাচল কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। আনহাতে অটল সেনা অসম আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৰফৰ পৰাও এক বিশাল সমদল উলিয়াই বাংলাদেশত চলা হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কামাখ্যা কলনীৰ পৰা সমদল উলিয়াই জালুকবাৰী আৰক্ষী থানাৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ “কু-শিক্ষা দিয়া মাদ্ৰাছা বন্ধ কৰক, সনাতনী সকল এক হওক, ইউনিছ চৰকাৰ মুৰ্দাবাদ” আদি ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে।
