টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ ঘোষণা বাংলাদেশৰ অলৰাউণ্ডাৰ চাকিব আল হাছানৰ

345

বাংলাদেশৰ অলৰাউণ্ডাৰ চাকিব আল হাছানে বৃহস্পতিবাৰে তাৎক্ষণিক ভাৱে টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ ঘোষণা কৰে আৰু কয় যে যদি তেওঁৰ ঘৰুৱা পৰিষদে ঘৰুৱা খেলত তেওঁৰ বাবে বিদায়ী খেল আয়োজন নকৰে তেন্তে ইয়াত ভাৰতৰ বিৰুদ্ধে দ্বিতীয় খন টেষ্ট তেওঁৰ অন্তিম টেষ্ট হ’ব।৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে বাংলাদেশৰ হৈ ১২৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে। তেওঁ ফ্ৰেঞ্চাইজি লীগত এই ফৰ্মেটত খেলা অব্যাহত ৰাখিব।

ভাৰতৰ বিৰুদ্ধে দ্বিতীয় খন টেষ্ট ক্ৰিকেট খেলৰ প্ৰাকমুহূৰ্তত চাকিবে কয়-মই টি-২০ বিশ্বকাপত মোৰ অন্তিমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছো। মই নিৰ্বাচকসকলৰ সৈতে আলোচনা কৰিছিলো। ২০২৬ চনৰ বিশ্বকাপৰ কথা মনত ৰাখি, এইটো মোৰ অৱসৰৰ সঠিক সময়। আশা কৰোঁ, বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে কিছুমান ভাল খেলুৱৈ বিচাৰি উলিয়াবলৈ সক্ষম হ’ব আৰু আমাৰ দলে ভাল প্ৰদৰ্শন কৰিব। উল্লেখ্য যে বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ সময়ত চাকিবক এটা হত্যাৰ গোচৰত অভিযুক্ত হিচাপে নামাকৰণ কৰা হৈছিল।

ৰাজনৈতিক অস্থিৰতাৰ ফলত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক বহিষ্কাৰ কৰা হৈছিল। চাকিব তেওঁৰ দল আৱামী লীগৰ এজন সংসদ সদস্য আছিল। চাকিবে বাংলাদেশৰ হৈ ৬৯ খন টেষ্ট মেচত ৪৪৫৩ ৰাণ সংগ্ৰহ কৰিছে আৰু ২৪২ টা উইকেটও দখল কৰিছে। তেওঁ কয় -মই আমাৰ ক্ৰিকেট ব’ৰ্ডৰ ওচৰত মীৰপুৰত অন্তিমখন টেষ্ট মেচ খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলো। তেওঁলোক ইয়াত সন্মত হৈছিল। যদি সেয়া নহয়, কানপুৰত ভাৰতৰ বিৰুদ্ধে খেলখন টেষ্ট ক্ৰিকেটত মোৰ অন্তিম খন খেল হ’ব।