বিগত সময়চোৱাত বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ বিৰুদ্ধে হিংসাজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ দেশখনত হিন্দু হত্যাৰ খবৰ আহি পৰিছে। যোৱা ২৪ ঘন্টাত এয়া দ্বিতীয়বাৰৰ বাবে এনে ঘটনা পোহৰলৈ আহিছে।তথ্য অনুসৰি, যোৱা ১৮দিনত দেশখনত ৬ জন হিন্দুক হত্যা কৰা হৈছে। সোমবাৰ (৫ জানুৱাৰী) নিশা নাৰ্চিংডিত গেলামালৰ মালিক ৪০ বছৰীয়া শৰৎ চক্ৰৱৰ্তী মণিক হত্যা কৰাৰ ঘটনা সংঘটিত হয়। ইয়াৰ কিছু সময় পূৰ্বে মণিৰামপুৰত হত্যাৰ বলি হৈছিল হিন্দু সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগী। এই কাণ্ডই এতিয়া দেশখনৰ আইন শৃংখলা আৰু সংখ্যালঘুৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
