আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ। দেশখনৰ ৰাজনৈতিক ইতিহাসৰ এগৰাকী অন্যতম শক্তিশালী নেত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) নেত্ৰী বেগম খালেদা জিয়াৰ আজি দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি গুৰুতৰ অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ অন্তত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ।শেহতীয়া কেইটামান বছৰত খালেদা জিয়া সোমাই পৰিছিল বিতৰ্কত। দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈ তেওঁ ২০১৮ চনৰ পৰা কাৰাবাস খাটিবলগীয়া হৈছিল। অৱশ্যে, স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে পিছলৈ চৰকাৰৰ বিশেষ নিৰ্দেশত কাৰাগাৰৰ পৰা মুকলি কৰি তেওঁক গৃহ বন্দী কৰি ৰখা হৈছিল।
