হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত প্ৰত্যক্ষ আঘাত হানি এইবাৰ ইউনুছ প্ৰশাসনে ঢাকাৰ দুৰ্গা মন্দিৰৰ ওপৰত চলালে বুলডজাৰ। ইউনুছ চৰকাৰৰ এই কাৰ্যক ভাৰত চৰকাৰে তীব্ৰ গৰিহণা দিয়াৰ পিছতে অন্তৱৰ্তীকালীন চৰকাৰে আগবঢ়াইছে নিজৰ মন্তব্য। পিছে নিজ কাৰ্যৰ সমৰ্থনত বাংলাদেশ চৰকাৰে দিয়া মন্তব্যত কাৰ্যতঃ মিথ্যাচাৰিতাহে প্ৰকাশ পাইছে।বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে বৃহস্পতিবাৰে ঢাকাৰ খিলখেট অঞ্চলৰ দুৰ্গা মন্দিৰ বুলডজাৰেৰে ভাঙি পেলায়। স্থানীয় হিন্দু বাসিন্দাসকলে এনে কাৰ্যৰ প্ৰতিবাদ কৰিলেও আৰক্ষীয়ে তেওঁলোকক বলপূৰ্বকভাৱে আঁতৰাই পেলায়। এই ঘটনাক লৈ তীব্ৰ গৰিহণাৰ সন্মুখীন হোৱাৰ পিছত শুকুৰবাৰে বাংলাদেশে ৰে’লপথৰ কাষত অবৈধভাৱে নিৰ্মাণ কৰা দোকান-মন্দিৰ এইদৰে ভাঙি পেলোৱা হৈছে বুলি নিজৰ চাফাই দিয়ে।
