ৰাজনৈতিক অস্থিৰতাৰ মাজতে বাংলাদেশৰ সেনাপ্ৰধানৰ মতে আগন্তুক ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে ৷ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷সেনাপ্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে বিশ্বাস কৰে যে ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে । নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে এই বিষয়ত তেওঁৰ স্থিতি একেই আছে । এখন নিৰ্বাচিত চৰকাৰে দেশৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে ।”প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীকে (Bangladesh Nationalist Party চমুকৈ BNP) ধৰি কেইবাটাও ৰাজনৈতিক দলে ডিচেম্বৰৰ ভিতৰত সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে । কিন্তু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰা ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত নতুন দল নেশ্যনেল চিটিজেনছ পাৰ্টীয়ে (National Citizens Party চমুকৈ NCP) নিৰ্বাচনৰ পূৰ্বে মৌলিক সংস্কাৰ বিচাৰিছে ।
